Secret Service has advised Trump to refrain from public meetings:ট্রাম্পক জনসভাৰ পৰা বিৰত থকাৰ পৰামৰ্শ ছিক্রেট ছাৰ্ভিচৰ

পুনৰ আক্ৰমণৰ শংকা ?

tump

Secret Service has advised Trump to refrain from public meetings:

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্রপতি তথা আসন্ন ৰাষ্ট্ৰপতি নির্বাচনৰ ৰিপাব্লিকান প্রার্থী ড’নাল্ড ট্রাম্পক বৃহৎ জনসভা বা কোনো জনসমাগমৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিলে মার্কিন ছিক্রেট ছার্ভিচে। কি কাৰণত ট্রাম্পক ছিক্রেট ছার্ভিচে এই পৰামৰ্শ দিলে সেয়া উল্লেখ কৰা নাই ৷

ছিক্রেট ছাৰ্ভিচৰ এই পৰামৰ্শৰ পাছত ট্রাম্পক পুনৰ আক্ৰমণৰ শংকা প্রকাশ কৰিছে তেওঁৰ সমৰ্থকে। ৱাশিংটন প’ষ্টৰ বাতৰিত উল্লেখ কৰা অনুসৰি, ছিক্রেট ছার্ভিচে ট্রাম্পক পৰামর্শ দি কোনো জন সমাবেশত সম্প্রতি অংশ লোৱাৰ পৰা বিৰত থাকিবলৈ ক’লে। নিৰাপত্তাৰ কাৰণতে ৰাষ্ট্রপতি নিৰ্বাচনৰ পদপ্রার্থীজনক এই পৰামৰ্শ দিয়া বুলি জনাইছে মার্কিন ছিক্রেট ছার্ভিচে। ৷

উল্লেখ্য যে যোৱা ১৩ জুলাইত পেনচিলভেনিয়াৰ এখন জনসভাত অংশ লোৱাৰ সময়ত ট্রাম্পক এজন ২০ বছৰীয়া যুৱকে গুলিবর্ষণ কৰিছিল। গুলিয়ে ট্রাম্পৰ কাণত আঘাত হানিছিল যদিও তেওঁৰ বিশেষ ক্ষতি নহ’ল।

Exit mobile version