Use vitamin E capsules for Hair care:চুলিৰ পৰিচৰ্যাত ব্যৱহাৰ কৰক ভিটামিন ‘ই’ কেপছুল

ভিটামিন 'ই' কেপছুল ছালৰ বাবে উপকাৰী, কেৱল ছালতে নহয়, চুলিৰ পৰিচৰ্যাতো ভিটামিন 'ই' কেপছুল ব্যৱহাৰ কৰিব বা পাৰি

v vitamin

Use vitamin E capsules for Hair care:

ভিটামিন ‘ই’ কেপছুল ছালৰ বাবে উপকাৰী। কিন্তু কেৱল ছালতে নহয়, চুলিৰ পৰিচৰ্যাতো ভিটামিন ‘ই’ কেপছুল ব্যৱহাৰ কৰিব বা পাৰি। চুলিৰ বিভিন্ন সমস্যা দূৰ কৰাত ভিটামিন ‘ই’ কেপছুল ব্যৱহাৰ কৰা হয়। কিন্তু চুলিৰ পৰিচৰ্যাত কিদৰে ব্যৱহাৰ কৰিব ভিটামিন ‘ই’ কেপছুল -জানো আহকচোন:

তেলৰ স’তেঃ চুলি ভালে ৰাখিবলৈ তেল মালিচ কৰা জৰুৰী। চুলিৰ বাবে তেল ক্ৰয়ৰ সময়ত লক্ষ্য ৰাখক সেই তেলত ভিটামিন ‘ই’ আছে নে নাই। যদি নাথাকে তেন্তে নাৰিকল তেলত ভিটামিন ‘ই’ কেপছুল মিশ্রণ কৰি চুলিত ব্যৱহাৰ কৰক। ভিটামিন ‘ই’ সমৃদ্ধ তেনে চুলিৰ শ্ৰীবৃদ্ধি ঘটায়। চুলি ঘন আৰু উজ্জ্বল হৈ উঠে। চুলিৰ ৰুক্ষতা হ্রাস পায় আৰু উফিৰ সমস্যা আঁতৰ হয়।

হেয়াৰ মাস্ক: ঘৰতে হেয়াৰ মাস্ক তৈয়াৰ কৰিও চুলিত ব্যৱহাৰ কৰিব পাৰিব। জোজ’বা তেলৰ স’তে ভিটামিন ‘ই’ কেপছুল মিশ্ৰণ কৰি হেয়াৰ মাস্ক হিচাপে চুলিত লগাওক। ভিটামিন ‘ই’য়ে চুলিৰ আৰ্দ্ৰতা বৰ্তাই ৰাখে আৰু ক্ষতিগ্রস্ত চুলিৰ যতন লয়। ছেম্পু কৰাৰ পাছত চুলিত ভিটামিন ‘ই’ সমৃদ্ধ হেয়াৰ মাস্ক ব্যৱহাৰ কৰি ৫-১০ মিনিট সময় ৰাখক। তাৰ পাছত তুলি ধুই দিয়ক। পার্থক্য নিজে অনুভৱ কৰিব।

হেয়াৰ ছিৰামঃ চুলিৰ যতন লওতে হেয়াৰ ছিৰামৰ ব্যৱহাৰ কৰিলে চুলি মসৃণ আৰু উজ্জ্বল হৈ উঠে। সদায় ভিটামিন ‘ই’ সমৃদ্ধ ছিৰাম চুলিত ব্যৱহাৰ কৰক।

Exit mobile version