CSIR-NEIST officer arrested for taking bribe:উৎকোচ লৈ গ্রেপ্তাৰ CSIR-NEISTৰ বিষয়া বিজ্ঞানী

গুৱাহাটীকে ধৰি যোৰহাটৰ আঠ স্থানত চলিছে, চিবিআইৰ জালত ক্ৰয় আৰু সংৰক্ষণ বিভাগৰ নিয়ন্ত্ৰক প্ৰৱীণ কুমাৰ বাৰ্মা আৰু বিজ্ঞানী প্রসেনজিৎ মান্না, গ্ৰেপ্তাৰ দুই জ্যেষ্ঠ বিষয়া কংকণ বৰপূজাৰী আৰু অংকণ বৰপূজাৰী

csir

CSIR-NEIST officer arrested for taking bribe:

শুক্ৰবাৰৰ পৰা যোৰহাট আৰু গুৱাহাটীত চিবিআইৰ অভিযান ৷ CSIR-NEIST ৰ যোৰহাট আৰু গুৱাহাটীৰ আঠ স্থানত চিবিআইয়ে মাজনিশা পৰ্যন্ত অভিযান চলাই ৷ আনহাতে যোৰহাটত উৎকোচ লৈ থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে যোৰহাটস্থ ক্ৰয় আৰু সংৰক্ষণ বিভাগৰ নিয়ন্ত্ৰক প্ৰবীণ কুমাৰ বৰ্মা আৰু বিজ্ঞানী প্রসেনজিৎ মান্নাক।

আটকাধীন প্ৰবীণ কুমাৰ বৰ্মা পৰা চিবিআই- এ জব্দ কৰে নগদ ৭ লাখ টকা ৷আন আন বিষয়া, বিজ্ঞানীকো পৃথকে সোধ-পোছ অব্যাহত ৰাখিছে চিবিআইৰ দলটোৱে ৷ একেদৰে CSIR-NEIST ৰ আন এজন বিষয়া কংকণ বৰপূজাৰীকো একেই অভিযোগত গ্ৰেপ্তাৰ চিবিআই- এ ৷

Exit mobile version