Annual Conference of Rupalim Moina Parijat:বৰ্ণাঢ্য কাৰ্যসূচীৰে বোকাজান ৰূপালীম মইনা পাৰিজাতৰ বাৰ্ষিক অধিৱেশন সম্পন্ন

maina parijat

Annual Conference of Rupalim Moina Parijat:

বোকাজানৰ শিশুসকলৰ প্ৰতিভা বিকাশৰ অন্যতম মঞ্চ ৰূপালীম মইনা পাৰিজাতৰ বাৰ্ষিক অধিৱেশনখনি দেওবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় ৷পুৱা পতাকা উত্তোলন,বৃক্ষৰোপন আৰু স্মৃতি তৰ্পণ অনুষ্ঠানৰ পাছতেই শিশুসকলৰ মাজত অনুষ্ঠিত হয় চিত্ৰাংকন ,হাতৰ আখৰ,কবিতা আবৃত্তি আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা ৷ প্ৰতিযোগিতা সমূহ উদ্বোধন কৰে প্ৰকাশ গগৈয়ে ৷

সন্ধিয়া অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকে তিতাবৰৰ শিশু বক্তা জিজ্ঞাসা সন্দিকৈ ৷ এই সভাতেই ৰূপালীম মইনা পাৰিজাতৰ মুখপত্ৰ ‘গজালি’ উন্মোচন কৰে মাৰ্ধূয্য ঢেকীয়াল ফুকনে ৷ মুকলি সভাৰ পাছতেই শিশু সকলৰ দ্বাৰা পৰিৱেশন কৰা নৃত্য আৰু কবিতাৰ অনুষ্ঠানে সকলোকে আপ্লুত কৰি তোলে ৷ আনহাতে শিশুসকলৰ বলিষ্ঠ অভিনয়ৰে পৰিৱেশিত ‘ৰজাৰ দেউল’ নাটকে দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰে ৷

Exit mobile version