Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: মাটি-বাৰী, ধন-সম্পত্তি লাভৰ যোগ। সু বন্ধুৰ লগ পাব। শাৰীৰিক বিষ বেদনা বৃদ্ধি পাব। ভ্রমণত শুভ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৫।

বৃষ: ঘৰ-দুৱাৰ উন্নতিৰ চিন্তা। দাম্পত্যত বিশৃংখলা হ’ব পাৰে। ৰহস্যমূলক কামত মনোযোগ বৃদ্ধি। ভ্রমণত মধ্যম। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৯।

মিথুন: কর্মস্থানত উন্নতি। শত্রু বৃদ্ধি হ’ব। শৰীৰৰ উন্নতি হ’ব। ব্যয় বৃদ্ধি হ’ব। আপোনাৰ কথাই আনক কষ্ট দিব পাৰে। শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।

কর্কট: সামাজিক স্থিতি উন্নতি। লগ বন্ধুৰ পৰা হানি হ’ব পাৰে। নিজক ব্যস্ত কৰি ৰাখক। শুভ ৰং নীলা। শুভ সংখ্যা ৪।

সিংহ: বন্ধুৰ সংখ্যা বৃদ্ধি পাব। ব্যৱসায়ত মন স্থিৰ কৰি ৰাখক। সোঁচৰা ব্যধিয়ে আমনি কৰিব। কৰ্মত উন্নতি। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ১।

কন্যা: ৰাজনীতিৰ লগত জড়িত ব্যক্তি বলিষ্ঠ পদক্ষেপ পাব। মিলিজুলি কাম কৰিলে অধিক লাভৱান হ’ব। ভ্রমণত মধ্যম। শুভ ৰং নীলা। শুভ সংখ্যা ৭।

তুলা: ছিঙা বা ফটা বস্ত্ৰ পৰিধান নকৰিব। মানসিক শক্তিৰ বাবে উন্নত স্থান পাব। গণেশক পূজা কৰক। শুভ ৰং ৰঙা। শুভ সংখ্যা ৮।

বৃশ্চিক: কৰ্মত উন্নতিৰ যোগ। দূৰণি সংবাদে আনন্দিত কৰিব। কিছুমান ক্ষেত্ৰত নীৰৱতা অৱলম্বন কৰিব। বগা ৰং ব্যৱহাৰ কৰিব। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৬।

ধনু: সততাত আনে আঘাত কৰিব পাৰে। কর্মস্থানত নতুন উদ্যমেৰে কাম কৰিবলৈ উৎসাহ পাব। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৯।

মকৰ : নতুন কামত তৎপৰতা বাঢ়িব। গোপনীয় কার্যত তথ্য সংগ্রহত কৃতকার্য হ’ব। শত্ৰুৰ ষড়যন্ত্ৰ ব্যৰ্থ হ’ব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৫।

কুম্ভ: নতুন কর্ম সংস্থাপনৰ যোগ। মূৰৰ বিষত কষ্ট পাব পাৰে। বিশ্বাসযোগ্যতা বৃদ্ধি পাব। শুভ ৰং ক’লা বাদামী। শুভ সংখ্যা ৩।

মীন: ৰাজনৈতিক ক্ষেত্ৰত অলপ জটিল সমস্যাৰ সন্মুখীন হ’ব। কর্মস্থানত ব্যস্ততা বাঢ়িব। পুৰণি কথাই মনত কষ্ট দিব। শুভ ৰং বগা। শুভ সংখ্যা ৫।

Exit mobile version