Zuckerberg’s gold chain is in the Spotlight?:কিয় চর্চিত হৈছে মেটাৰ মুৰব্বী জুকাৰবাৰ্গৰ এই স্বর্ণ চেইন?

mark

Zuckerberg’s gold chain is in the Spotlight?:

ফে’চবুকৰ অভিভাবক প্রতিষ্ঠান মেটাৰ স্বত্বাধিকাৰী মার্ক জুকাৰবার্গে সম্প্রতি বিশেষ চর্চা লাভ কৰিছে তেওঁ’ ডিঙিত পৰিধান কৰা এক স্বর্ণ কণ্ঠহাৰৰ জৰিয়তে। জুকাৰবার্গে নতুনকৈ ডিঙিত সোণৰ চেইন পৰিধান কৰিছে। ফে’চবুকৰ মুৰব্বীৰ ডিঙিত এই চেইন প্রত্যক্ষ কৰি একাংশ লোকে জুকাৰবার্গে কিয় কণ্ঠহাৰ পৰিধান কৰিছে বুলি প্রশ্ন কৰিছে। ইয়াৰে উত্তৰ দি ইনস্টাগ্রামত জুকাৰবার্গে কয় যে উক্ত সোণৰ চেইনত তেওঁৰ সন্তানৰ বাবে এক প্রার্থনা লিখা আছে।

জুকাৰবার্গে লগতে কয় যে তেওঁৰ কন্যাক নিদ্রাহৰণৰ সময়ত সদায় তেওঁ এক প্রার্থনা গুনাই আহিছে আৰু এই ইহুদি প্রার্থনা উক্ত স্বর্ণ কণ্ঠহাবন লিখা আছে। জুকাৰবার্গে জনোৱা অনুমৰি যেতিয়াৰে পৰা তেওঁৰ কন্যা সন্তান জন্ম হ’ল, তেতিয়াৰ পৰা প্রতি নিশা তেওঁ এই প্রার্থনা গাই আহিছে।

ফে’চবুকৰ মুৰব্বীয়ে কয় যে তেওঁ সন্তানৰ স’তে সময় অতিবাহিত কৰিবলে ভাল পায়। অবশ্যে ডুকাৰবার্গে পূর্বেও আন এক চেইন পৰিধান কৰিছিল। সেই সময়ত তেওঁ স্টাইলৰ বাবে উক্ত চেইন পৰিধান কৰা বুলি সদৰী কৰিছিল।

Exit mobile version