Chirang Arms Recovered: চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা এলেকাত অত্যাধুনিক অবৈধ মৰণাস্ৰ উদ্ধাৰ

arms 2

Chirang Arms Recovered:

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা এলেকাত অত্যাধুনিক অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ । প্ৰাপ্ত খবৰ অনুসৰি ৰুণীখাতা থানাৰ অন্তৰ্গত দুই নং শালবাৰী গাঁৱৰ খেতিয়ক পথাৰত হালবাই থকাৰ সময়ত মাটিত তলত প্লাষ্টিকেৰে মেৰিয়াই ৰখা এটা একে -৫৬ ৰাইফল আৰু তিনিটা মেগাজিন প্ৰত্যক্ষ কৰে । খেতি পথাৰত হালবাই থকা অৱস্থাত মাৰণাস্ত্ৰ উদ্ধাৰ হোৱাৰ খবৰ বিয়পি পৰাৰ পিছত এলেকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ।

স্থানীয় লোকে ৰুণীখাতা থানাৰ আৰক্ষীক খবৰ দিয়ে । খবৰ লাভ কৰি আৰক্ষীৰ লোক শালবাৰী গাঁৱত উপস্থিত হৈ ইতিমধ্যেই মামৰে ধৰা অস্ত্ৰ খিনি থানাত লৈ আহে ।

আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । উদ্ধাৰ হোৱা মাৰণাস্ত্ৰ খিনি পূৰ্বৰ কোনো বিদ্ৰোহী সংগঠন হব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ।

Exit mobile version