Mangaldoi Incident:মঙলদৈৰ কৃষ্ণামণি ডেকাৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ৰহস্য ফাদিল

SP

Mangaldoi incident:

মঙলদৈৰ কৃষ্ণামণি ডেকাৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ৰহস্য ফাদিল । প্ৰেমিক চিন্টুমণি নাথেই হত্যা কৰি আত্মহত্যা ৰূপ দিব বিচৰাটো নিশ্চিত হৈছে দৰং আৰক্ষী । সোধা-পোচাৰ বাবে আৰক্ষীয়ে থানা লৈ আনে কৃষ্ণামনি ডেকাৰ অন্য এজন প্ৰেমিকক।

 

চিন্টুমণি নাথে মঙলদৈ নিকতৱৰ্তী পকাবাঙিপাৰাৰ কোনো নথকা বায়েকৰ ঘৰলৈ লৈ আহি কালি দুপৰীয়াই হত্যা কৰে বুলি তথ্য লাভ কৰিছে দৰং আৰক্ষীয়ে। চিন্টু নাথ আৰু কৃষ্ণামনি ডেকাৰ ফোনৰ ৰেকৰ্ডিং আৰু আন এগৰাকী যুৱকৰ ফোনৰ ৰেকৰ্ডিঙৰ ভিত্তিত সকলো তথ্য পোহৰলৈ আনিবলৈ সক্ষম হৈছে আৰক্ষী।

দৰঙৰ আৰক্ষী অধীক্ষকৰ ভাষ্য অনুসৰি চিন্টুমণি নাথে কৃষ্ণাক পকাবাঙিপাৰালৈ আনি জনশূণ্য বায়েকৰ ঘৰতে হত্যাকাণ্ড কৰাটো নিশ্চিত হৈছে যদিও অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Exit mobile version