Cloudburst In karbianglong Langhin:ডাৱৰ বিস্ফোৰণৰ বাবেই পাহাৰত বান

প্ৰলয়ংকাৰী বানত তচনচ ঘৰ-দুৱাৰ

flood in ka

Cloudburst In karbianglong Langhin:

এজাক মুষলধাৰ বৰষুণে তাণ্ডৱ সৃষ্টি কৰিছে কাৰ্বি পাহাৰত। পাহাৰৰ পৰা হুৰহুৰাই নামি অহা বৰষুণৰ পানীয়ে নিমিষতে তচনচ কৰি নিয়ে বহুতৰ সপোনৰ ঘৰখন।

কাৰ্বি আংলং জিলাৰ লাংহিন পৰিষদীয় সমষ্টিত নিশা অকস্মাত পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে থানবান কৰি নিয়ে অনেকৰ পঁজা। লগতে পশুধনৰো বিস্তৰ ক্ষতি সাধন হয়। কেইবাখনো গাঁৱৰ ৰাইজ এই বানপানীৰ কবলত পৰি দিকবিদিক হেৰাই পেলাইছে।

লাংহিন পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি বিলি মোহন খাকলাৰীৰ মতে এয়া আছিল ডাৱৰ বিস্ফোৰণ। বিগত ২৫ বছৰে সেই অঞ্চলৰ ৰাইজে গম পোৱা নাছিল আচলতে বানপানীনো কি ফলত বিস্তৰ ক্ষতি হয় গঞাৰ। জাইপং, লক্ষ্মণ বে, চেলাবৰ, জালুগুটিৰ কেইবাখনো গাঁৱত বিস্তৰ ক্ষতিসাধন হয়।

Exit mobile version