Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: সাংসাৰিক দিশত শান্তি বজায় থাকিব। সামাজিক সেৱাই মনত শান্তি দিব। সন্তানৰ দিশত চিন্তা বৃদ্ধি। শিক্ষার্থীসকলৰ বাবে আজি দিনটো শুভ। প্রেমত বাধা দেখা যায়। শুভ ৰং ৰঙা। শুভ সংখ্যা ৭।

বৃষ: কৰ্মক্ষেত্ৰত সহকর্মীৰ লগত বিবাদ হ’ব পাৰে। নিজৰ ভুলৰ বাবে কিছু মূল্যৱান বস্তু হেৰুৱাব পাৰে। যিসকল ব্যক্তি যান-বাহন চলাই তেওঁলোকে আজি দিনটো সাবধানে থাকক। শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।

মিথুন: বন্ধুৰ কথা শুনি বিপদত পৰিব পাৰে। আন্ত্রিক জাতীয় ৰোগত আক্রান্ত হ’ব। ব্যৱসায় ক্ষেত্ৰত উন্নতিৰ যোগ। কাম বৃদ্ধি হোৱাৰ বাবে মানসিকভাৱে যন্ত্রণা হ’ব পাৰে। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৬।

কর্কট: পাৰিবাৰিক ক্ষেত্ৰত অশান্তি হ’ব পাৰে। শত্ৰুৰ পৰা সাৱধানে থাকক। স্ত্ৰীৰ বুদ্ধিয়ে আপোনাক লাভবান কৰিব। প্ৰেমৰ দিশত কাৰোবাৰ বাবে অশান্তি হ’ব পাৰে। শুভ বং সেউজীয়া। শুভ সংখ্যা ৩।

সিংহ: অতিৰিক্ত ব্যয়ে আপোনাক চিন্তাত পেলাব পাৰে। বিদ্যার্থীসকলৰ বাবে নতুন সুযোগ দেখা যায়। আগৰ ব্যৱসায় নতুন কৰি আৰম্ভ কৰিব পাৰে। শুভ ৰং নীলা। শুভ সংখ্যা ১।

কন্যা: দীর্ঘ প্রতীক্ষাৰ পাছত পদোন্নতিৰ খবৰ আহিব পাৰে। ভ্ৰমণৰ দিশত বাধা দেখা যায়। গোটেই দিনটো ব্যস্ততাৰ মাজেৰে পাৰ হৈ যাব। প্রেমত শুভ ফল। শুভ ৰং মাখন। শুভ সংখ্যা ৫।

তুলা: বন্ধুৰ কাৰণে প্ৰচুৰ অৰ্থ অপচয় হ’ব পাৰে। ৰাস্তা-ঘাটত দুর্ঘটনা হ’ব পাৰে। সন্তানৰ কাৰণে ব্যৱসায়ত আলোচনা হব। সামাজিক কামত গ’লে ভাল হ’ব। অন্যথা বিপদ’হ’ব পাৰে। শুভ ৰং ক’লা। শুভ সংখ্যা ৮।

বৃশ্চিক: অতিৰিক্ত ভাবাবেগে আপোনাক বিপদ পেলাব পাৰে। ৰখি থকা কাম আৰম্ভ হ’ব। পৰাপক্ষত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। উচ্চ শিক্ষাৰ শুভ ফল। শুভ ৰং মাটিয়া। শুভ সংখ্যা ২।

ধনু: আপোনাৰ ভাল ব্যৱহাৰে আজি আপোনাক অশান্তি দিব পাৰে। ব্যৱসায় দিশত অশান্তি হ’ব পাৰে। সন্তানৰ ভৱিষ্যতৰ বাবে চিন্তা বৃদ্ধি। শুভ ৰং ছাই। শুভ সংখ্যা ৯।

মকৰ : বিদ্যার্থীসকলৰ বাবে বিদেশ যাত্ৰা হ’ব পাৰে। কর্মক্ষেত্রত সন্মানিত হ’ব পাৰে। নতুন গৃহ নিৰ্মাণৰ বাধা আহিব। সংগীতৰ লগত জড়িত লোকসকলৰ বাবে বিশেষ সুযোগ আহিব পাৰে। শুভ বং কমলা। শুভ সংখ্যা ৮।

কুম্ভ: উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাল যোগ দেখা যায়। সন্তানৰ বাবে খৰচ বৃদ্ধি। স্ত্রীৰ কাৰণে মনত কষ্ট বাঢ়িব পাবে। জটিল সমস্যাৰ সন্মুখীন হ’ব পাৰে। প্ৰেমত বাধা। শুভ ৰং সোণালী। শুভ সংখ্যা ৫।

মীন: নতুন ব্যবসায় আৰম্ভ হ’ব পাৰে। বায়ু পথত ভ্রমণৰ কিছু সুযোগ আহিব পাৰে। শিক্ষাত শুভ ফল। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। সুভ পৰিৱৰ্তন আপোনাৰ জীৱনত আহিব পাৰে। শুভ ৰং ক’লা। শুভ সংখ্যা ৪ ৷

Exit mobile version