Counterfeit powdered milk seller arrested in Paltan Bazar:মহানগৰীত গৰু গাখীৰৰ নামত বিক্ৰী বৰবিহ !

পানীত পাউদাৰ গাখীৰ মিহলাই নিবিঘ্নে বিক্ৰী হৈছে গাখীৰ, পানীত পাউদাৰ গাখীৰ মিহলাই থকা অৱস্থাত ৰাইজে হাতে-লোটে ধৰিলে এজন ব্যৱসায়ীক,ব্যৱসায়ীক আটক কৰি আৰক্ষীক গতালে ৰাইজে

MILK UUU

Counterfeit Powdered Milk seller Arrested in Paltan Bazar:

মহানগৰীত যদি আপুনি গৰুৰ গাখীৰ ক্ৰয় কৰি আহিছে ৷ তেন্তে এতিয়াৰ পৰা গাখীৰ ক্ৰয় কৰোঁতে হওক সাৱধান ৷ কিয়নো আপুনি ক্ৰয় কৰা গাখীৰ প্ৰকৃততে গৰুৰ গাখীৰ হয়নে ৷ কিয়নো শেহতীয়াকৈ গৰুৰ গাখীৰৰ নামত একাংশ গাখীৰ বিক্ৰেতাই নিবিঘ্নে বিক্ৰী কৰিছে ভেজাল পাউদাৰ গাখীৰ

উল্লেখ্য যে,গো-পালক সন্থাৰ বেনাৰ লগাই পানীত পাউদাৰ মিহলাই গৰু গাখীৰ বুলি বিক্ৰী কৰি অহাৰ গুৰুতৰ অভিযোগ উদ্থাপিত হৈ থকাৰ মাজতে শুক্ৰবাৰে পাউদাৰ গাখীৰ পানীত মিলাই থকা অৱস্থাতে পল্টন বজাৰৰ বিজুলী ভৱনৰ সন্মুখত ৰাইজে হাতে-লোটে ধৰিলে এজন দুগ্ধ ব্যৱসায়ীক। ধৃত ব্যৱসায়ীজনৰ নাম সন্তোস কুমাৰ।

পিছত ৰাইজে ধৃত দুগ্ধ ব্যৱসায়ীজনক ৰাইজে গতাই দিয়ে পল্টন বজাৰ আৰক্ষীক ৷ অৱশ্যে আন দুই গাখীৰ বিক্ৰেতা পলায়ন কৰে ৷ পলাতক ব্যৱসায়ী দুজনৰ এজনৰ নাম গোপাল চেত্ৰী।

স্মতৰ্ৱ্য যে, আটকাধীন দুগ্ধ ব্যৱসায়ীয়ে আমচিং-যোৰাবাটৰ গো-পালক সন্থাৰ বেনাৰ লৈ বিক্ৰী কৰিছিল ভেজাল পাউদাৰ গাখীৰ। ৭০ টকাকৈ বিক্ৰী কৰিছিল ভেজাল গাখীৰ ৷ সচেতন মহলে গাখীৰৰ নামত মহানগৰবাসীক ভেজাল গাখীৰ খুৱাই অহা দুষ্ট চক্ৰটোক নাকী লগাবলৈ চৰকাৰক আহ্বান জনাইছে।

Exit mobile version