Elvis Ali Hazarika is Ready for a Record :আন এক অভিলেখৰ বাবে সাজু জলকোঁৱৰ এলভিছ

প্ৰথম ভাৰতীয় হিচাপে পোলেণ্ডৰ এটা চেনেলত অভিযান এলভিছ আলী হাজৰিকাৰ

ELVISH

Elvis Ali Hazarika is Ready for a Record :

আন এক অভিলেখৰ বাবে সাজু হৈছে আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকা। ইংলিছ চেনেল সাতুৰি পাৰ হোৱা এলভিছ এইবাৰ সাজু হৈছে পোলেণ্ডৰ প্ৰখ্যাত GULF OF GDANSK BAY চেনেল সাঁতুৰিবলৈ। এই চেনেলত সাঁতোৰ অভিযান চলাবলৈ শনিবাৰে গুৱাহাটীৰ পৰা পোলেণ্ডৰ ৰাজধানী ৱাৰ্শ্ব’ৰ অভিমুখে ৰাওনা হ’ব।

বাল্টিক সাগৰত থকা এই চেনেল সাঁতোৰাৰ ক্ষেত্ৰত এলভিছৰ বাবে প্ৰত্যাহ্বান হ’ব অতি শীতল পানী। উল্লেখ্যে যে এই চেনেলত পূর্বে কোনো ভাৰতীয় সন্তৰনবিদে অভিযান চলোৱা নাই। প্রায় ৫ মাহ ধৰি প্ৰস্তুতি চলোৱাৰ অন্তত এলভিছ আলী হাজৰিকা সাজু হৈছে এই চেনেলত অভিযান চলাবলৈ। ইয়াৰ বাবে তেওঁ কলকাতাত ছুইমিং পুলত বৰফৰ বৃহৎ টুকুৰা ঢালি শীতল পানীৰ মাজত অনুশীলন চলাইছিল।

পূর্বে এলভিছে ২০১৯চনত মেক্সিকো আৰু আমেৰিকাৰ মাজত থকা ৪২ কিঃমিঃ দৈৰ্ঘৰ কাটালিনা চেনেল, ২০২২ চনত নর্ডার্ণ আয়াৰলেণ্ডৰ পৰা স্কটলেগুলৈ থকা ৪০ কিঃমিঃ দৈৰ্ঘৰ নৰ্থ চেনেল সাঁতুৰি পাৰ হৈছিল। অলপতে তেওঁ ইংলেণ্ডৰ পৰা ফ্রান্সলৈ গৈ পুনৰ ইংলেণ্ডলৈ বুলি ইংলিছ চেনেল পাৰাপাৰ হৈছিল। ইয়াৰোপৰি তেওঁ মুম্বাইৰ পৰা এলিফেন্টা আইলেণ্ড, দক্ষিণ আফ্ৰিকাৰ ৰ’বেন আইলেণ্ড, ২০০ মিঃ দৈৰ্ঘৰ মুম্বাই চাৰ্কোল সাতুৰি পাৰ হৈছিল।

শুকুৰবাৰে এলভিছৰ শেহতীয়া অভিযানৰ ফ্লেগ অফ অনুষ্ঠানৰ আয়োজিত হয়। অভিযানৰ ফ্লেগ অফ কৰে ক্ৰীড়া সঞ্চালক প্রদীপ টিমুং, জ্যেষ্ঠ এচিএছ বিষয়া ভাস্কৰ ফুকন, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, বিশিষ্ট ক্রীড়া সংগঠক বিষ্ণুৰাম নুনিছাই। অনুষ্ঠানত আটাইকেইজন ব্যক্তিয়ে এলভিছৰ অভিযানৰ সাফল্য কামনা কৰে। এই অভিযান সফল হ’লে পোলেণ্ডৰ এই চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথমগৰাকী সাঁতোৰবিদৰ অভিলেখ স্থাপন কৰিব এলভিছ আলী হাজৰিকাই ৷

Exit mobile version