Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: সম্পত্তি লেনদেন কৰাৰ পৰা দূৰত থাকক। কর্মত উন্নতি হ’ব। শুভ সংবাদ পাব পাৰে। ৰঙা ৰং ব্যৱহাৰ কৰিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৩।

বৃষ: ব্যবসায়-বাণিজ্যত ভবা মতে উন্নতি লাভ কৰিব পাৰিব। পৰিয়ালৰ পৰা অধিক আন্দন্দিত হ’ব। স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা উচিত। শুভ ৰং নীলা, শুভ সংখ্যা ৫।

মিথুন: শত্ৰুৰ পৰা সাৱধান হওক। নিজ কৰ্মৰ ওপৰত সমাজৰ লগতে পৰিয়ালৰ পৰা প্ৰশংসা পাব। ভ্রমণত শুভ। শুভ ৰং কমলা, শুভ সংখ্যা ৮।

কর্কট: মন্দিৰ দৰ্শন কৰিলে অধিক লাভৱান হ’ব। পাৰিবাৰিক অশান্তি হ’ব পাৰে। কর্মক্ষেত্ৰত শুভ। শুভ ৰং বগা, শুভ সংখ্যা ৫।

সিংহ: বন্ধুবৰ্গৰ পৰা দূৰত থাকক। নতুন বস্তু বা বাহন ক্রয় কৰা যোগ আছে। মনৰ স্থিৰতা ৰাখক। হতাশ নহ’ব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ২।

কন্যা: ব্যবসায়-বাণিজ্যত লাভৱান হ’ব। মনৰ দুৰ্বলতা বাঢ়িব যদিও কিছু বার্তাই আনন্দিত দিব। নিবনুৱা প্ৰাৰ্থীৰ চাকৰিৰ যোগ আছে। সেউজীয়া কাপোৰ ব্যৱহাৰ কৰক। শুভ সংখ্যা ১।

তুলা: নতুন চিন্তা মনলৈ আহিব। কঠিন পৰিস্থিতিৰ সম্মুখীন হ’ব। পাৰিবাৰিক অশান্তি হ’ব পাৰে। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩।

বৃশ্চিক: নতুন ব্যক্তিৰ সংগই আনন্দিত কৰিব। কৰ্মক্ষেত্ৰত নিজৰ দক্ষতাৰ ওপৰত স্থিতি গঢ় দিব পাৰিব। আর্থিক দিশত লাভৱান হ’ব। শুভ ৰং বেগুনীয়া, শুভ সংখ্যা ৯।

ধনু: ব্যৱসায়ীসকলৰ ক্ষেত্ৰত পুৰণি সমস্যা সমাধান হ’ব। অধিক ধন খৰচ নকৰিব। বিদ্যাত শুভ। প্রেমত মধ্যম। শুভ ৰং বগা, শুভ সংখ্যা ৮।

মকৰ: অধিক বিশ্বাসে বিপদত পেলাব পাৰে। সময় আৰু ধৈৰ্যৰ ফলত লাভান্বিত হ’ব। বিবাহ প্ৰাৰ্থীৰ বিবাহৰ যোগ আছে। কর্মত শুভ। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৪।

কুম্ভ: কৰ্মক্ষেত্ৰত নিজৰ কৰ্মৰ ওপৰত প্ৰশংসা পাব। শত্রু বাঢ়িব যদিও একো ক্ষতি কৰিব নোৱাৰিব। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৫।

মীন: কর্মক্ষেত্রত কঠিন সমস্যাৰ সন্মুখীন হ’ব পাৰে। খৰচ বৃদ্ধি, বিদ্যাত শুভ। ভ্ৰমণৰ যোগ। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৯।

Exit mobile version