Lt Gen Gambhir Singh takes over as GOC of 4th Corps:চতুৰ্থ ক’ৰৰ জিঅ’চিৰূপে লেফটেনেন্ট জেনেৰেল গম্ভীৰ সিঙৰ দায়িত্ব গ্রহণ

tyezpur

Lt Gen Gambhir Singh takes over as GOC of 4th Corps:

দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী এক গুৰুত্বপূৰ্ণ সেনা ক’ৰ হিচাপে পৰিগণিত তেজপুৰস্থিত চতুৰ্থ সেনা ক’ৰৰ জিঅ’চি হিচাপে স্থলাভিষিক্ত হৈছে লেফটেনেন্ট জেনেৰেল গম্ভীৰ সিং।

তেওঁ পূৰ্বৰ জিঅ’চি লেফটেনেন্ট এম এম এৰীৰ পৰা দায়িত্ব গ্রহণ কৰে। উল্লেখ্য যে লেফটেনেন্ট জেনেৰেল সিঙে তেজপুৰ মিছন চাৰিআলিস্থিত গজৰাজ ক’ৰৰ কার্যালয়ত দায়িত্ব গ্রহণ কৰে।

দায়িত্ব গ্রহণ কৰি তেওঁ দেশৰ সেনাৰ বীৰ ছহিদসকললৈ শ্রদ্ধাঞ্জলি অর্পণ কৰে। বহু অভিজ্ঞতাসম্পন্ন জ্যেষ্ঠ সেনা বিষয়াজনে বিগত তিনিটা দশকৰো অধিক কালত দক্ষতাৰে একাধিক গুৰুত্বপূৰ্ণ পদত সফলতাৰে কাৰ্যনিৰ্বাহ কৰিছে।

Exit mobile version