Police battalion Jawan arrested in Golokganj Police: ধুবুৰীত আৰক্ষীয়ে আটক কৰিলে আৰক্ষীক

বিজেপিৰ নেতা বুলি পৰিচয় দি সংগ্ৰহ কৰিছিল অৰুণোদয়ৰ দিয়াৰ বিনিময়ত ধন, ৰাকিবুল ইছলাম আহমেদ নামৰ জোৱানজনক আটক

police

Police battalion Jawan arrested in Golokganj Police:

ধুবুৰীত আৰক্ষীয়ে আটক কৰিলে আৰক্ষীক ৷জিলা খনৰ গোলকগঞ্জ আৰক্ষী থানাত কৰ্মৰত এজন আৰক্ষীৰ বেটেলিয়ন জোৱানক চৰকাৰী অৰুণোদয় আঁচনিৰ দিয়াৰ নামত বিভিন্নজনৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগত ধুবুৰী আৰক্ষীয়ে আটক কৰে ৷ ইতিমধ্যে এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ধুবুৰীত ৷

প্ৰাপ্ত খবৰ অনুসৰি,গোলকগঞ্জ আৰক্ষী থানাত কৰ্মৰত আৰক্ষীৰ বেটেলিয়ন জোৱান ৰাকিবুল ইছলামে বিজেপি দলৰ এজন জ্যেষ্ঠ নেতাৰে তেওঁ ঘনিষ্ঠ থকা সূত্ৰে চৰকাৰী অৰুণোদয় আঁচনি দিয়াৰ নামত ধুবুৰীৰ ঝগৰাৰপাৰ অঞ্চলৰ বহু সংখ্যক মহিলাৰ পৰা এহেজাৰ টকাকৈ সংগ্ৰহ কৰিছিল ৷

পৰৱৰ্তী সময়ত কোনো এগৰাকীকে অৰুণোদয় আঁচনিভূক্ত কৰাৰ দূৰৰে কথা বৰং ৰাকিবুল ইছলামে নিৰাপদ দূৰত অৱস্থান কৰে বুলি অভিযোগ কৰে ভুক্তভোগী মহিলা সকলে ৷

অৱশেষত নিৰুপায় হৈ বুধবাৰে ভুক্তভোগী মহিলা সকলে সৰ্বভাৰতীয় গণতান্ত্ৰিক মহিলা মৰ্চাৰ নেতৃবৰ্গৰ সহযোগত গোলকগঞ্জ আৰক্ষী থানাত উপস্থিত হৈ বেটেলিয়নৰ জোৱান ৰাকিবুল ইছলামক সাক্ষাৎ কৰি তেঁওলোকে দিয়া টকাখিনি ঘূৰাই বিচাৰে ৷ কিন্ত আচৰিতজনকভাৱে টকা ঘূৰাই দিয়াৰ দূৰৰে কথা ওলোতাই মহিলা সকলক গালি গালাজ দি থানাৰ পৰা আঁতৰি যাবলৈ কয় ৷

আৰক্ষী জোৱানজনৰ পৰা দুব্যৱহাৰৰ সন্মুখীন হৈ পোনে পোনে ধুবুৰী আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি ভূক্তভোগী মহিলা সমস্ত কথা বিৱৰি কয় ৷ ইয়াৰ পাছতে বৃহস্পতিবাৰে নিশা ভাগতে গোলকগঞ্জ আৰক্ষীয়ে বেটেলিয়নৰ জোৱান ৰাকিবুল ইছলাম আহমেদক আটক কৰি ধুবুৰী সদৰ আৰক্ষীক চমজাই দিয়ে ৷ ইতিমধ্যে আটকাধীন আৰক্ষী জোৱানজনক অধিক তথ্যৰ বাবে জেৰা কৰিছে ধুবুৰী আৰক্ষীয়ে ৷

Exit mobile version