Caa Protests In Guwahati: গুৱাহাটীত নাগৰিকত্ব সংশোধনী আইন ( কা )-বিৰোধী সমন্বয় সমিতি অসমৰ প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ

caa protest

Caa Protests In Guwahati:

গুৱাহাটীৰ ‘ মেঘদূত ‘ ভৱনৰ সন্মুখত ‘নাগৰিকত্ব সংশোধনী আইন (কা)- বিৰোধী সমন্বয় সমিতি’ৰ আহ্বান মৰ্মে আজি অসম চৰকাৰৰ অসমবিৰোধী তথা জন-বিৰোধী নীতিৰ বিৰুদ্ধে কেইবাটাও ৰাজনৈতিক দল , সংগঠন আৰু সমাজ সচেতন কবি-লেখক- শিল্পী ,অধ্যাপককে আদি কৰি উচ্ছেদ বিৰোধী সংগ্ৰামী সংগঠনকে ধৰি শতাধিক প্ৰতিবাদী লোকে নেৰানেপেৰা বৰষুণকো আওকাণ কৰি কেইবাটাও বিষয় কাৰ্যকৰী কৰাৰ দাবীত ৰাজপথত প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ আৰু পথসভা অনুষ্ঠিত কৰে ।

প্ৰতিবাদী বিক্ষোভৰ দাবীকেইটা এনেধৰণৰ -নাগৰিকত্ব সংশোধনী আইন (কা ) –২০১৯ ৰ প্ৰয়োগ বন্ধ কৰক ; ধৰ্মৰ ভিত্তিত ট্ৰাইবিউনেলত সন্দেহযুক্ত বিচাৰৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰক ; সাম্প্ৰদায়িক , সংবিধান বিৰোধী তথা অসমৰ স্বাৰ্থবিৰোধী ‘কা’ বাতিল কৰক ; ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ( এন আৰ চি ) অবিলম্বে সূচিত কৰাৰ লগতে জাননী প্ৰকাশ কৰক আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ কৰা সাম্প্ৰদায়িক ৰাজনে আৰু তথা তথ্য বিকৃতি বন্ধ কৰক ।

প্ৰতিবাদী বিক্ষোভৰ দাবীৰ সমৰ্থনত ‘কা’ বিৰোধী সমন্বয় সমিতি’ৰ মুখ্য সমন্বয়ক দেৱেন তামুলীয়ে আঁত ধৰা ৰাজপথতেই অনুষ্ঠিত হোৱা প্ৰতিবাদী পথ সভাত চি পি আই(এম) ৰ ইছফাকুৰ ৰহমান , চি পি আইৰ কনক গগৈ , ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টি( এছ পি) ৰ পৰেশ বৰুৱা , আম আদমি পাৰ্টিৰ অনুৰূপা ডেকা ৰজা, কংগ্ৰেছ দলৰ মীৰা বৰঠাকুৰ , কৃষক মুক্তি সংগ্ৰাম সমিতৰ দেৱেন শৰ্মা , নগাঁৱৰ সচেতন সাংস্কৃতিক কৰ্মী বিৰিঞ্চি বৰা , ড° ইন্দ্ৰাণী দত্ত, শিলসাঁকো উচ্ছেদ বিৰোধী আন্দোলনৰ সংগ্ৰামী নেত্ৰী গায়ত্ৰী বড়ী আদিয়ে নিজৰ বক্তব্যত ‘কা’ আইন মানি নোলোৱাৰ পূৰ্বৰ স্থিতি পুনৰ দোহাৰে আৰু চৰকাৰৰ অসম বিৰোধী তথা সাম্প্ৰদায়িক ,বিভাজনবাদী জনবিৰোধী ভূমিকাৰ তীব্ৰ প্ৰতিবাদ জনায় ।

প্ৰতিবাদী বিক্ষোভত বিশিষ্ট কবি নীলিম কুমাৰ , ড° ঘনশ্যাম নাথ , মুনীন মহন্ত , জয়ন্ত গগৈ , মৃন্ময় মৃন্ময়, শঙ্কৰ শইকীয়া , ড° নীৰেন্দ্ৰনাথ ঠাকুৰীয়া , প্ৰভাত দাস, দ্বিজেন দাস, ছৈয়দুৰ ৰহমানকে আদি কৰি ভালেমান বিশিষ্ট ব্যক্তি বিভিন্ন ট্ৰেড ইউনিয়নৰ নেতাও উপস্থিত থাকে। সভাই দাবী ৰূপায়ন নোহোৱালৈকে প্ৰতিবাদ চলাই যোৱাৰ সপক্ষে মত পোষণ কৰে ।

অনুষ্ঠানৰ শেষত উপস্থিত আৰক্ষী বিষয়াৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ প্ৰতিবাদী বিক্ষোভৰ দাবী সম্বলিত এখন স্মাৰকপত্ৰ ‘নাগৰিকত্ব সংশোধনী আইন কা বিৰোধী সমন্বয় সমিতি’য়ে প্ৰেৰণ কৰে আৰু সমন্বয় সমিতিয়ে আশা কৰে যে ৰাজ্যপালৰ বিশেষ তদাৰকীত অসমৰ ৰাইজৰ দাবী পূৰণ কৰাত আগভাগ লৈ অসম বিৰোধী দাবী আৰু সিদ্ধান্ত অনতিপলমে প্ৰত্যাহাৰ কৰাত আগভাগ ল’ব আৰু মুখ্যমন্ত্ৰীৰ বিভাজনবাদী , সাম্প্ৰদায়িক ভূমিকাক নিয়ন্ত্ৰণ কৰিব ।

Exit mobile version