SPARK TEENS MISS ASSAM 2024:SPARK TEENS MISS ASSAM 2024ত ৰানাৰ্চ আপৰ মুকুট টেঙাহোলাৰ টিনা লাহনৰ

a

SPARK TEENS MISS ASSAM 2024:

সৰুপথাৰলৈ পুনৰ এটি গৌৰৱ। সৰুপথাৰৰ টেঙাহোলা গোঁহাই গাঁওৰ নিবাসী ৰূপম লাহন আৰু টনিমা লাহনৰ কন্যা টিনা লাহনে গুৱাহাটীত সদ্য সমাপ্ত “স্পাৰ্ক মিচ টিন আচাম”২০২৪ মডেলিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰথম ৰানাৰ্চ আপ পাবলৈ সক্ষম হৈছে।

সৰুপথাৰ ডনবস্ক’ হাইস্কুলৰ নৱম শ্ৰেণীত পঢ়ি থকা টিনা লাহনে মডেলিঙৰ ক্ষেত্ৰত নিজা প্ৰচেষ্টা আৰু পিতৃ-মাতৃৰ আশীৰ্বাদত আগবাঢ়ি গৈছিল। মডেলিঙৰ জগতত ভৰি দিয়ে টিনাই প্ৰথম ৰানাৰ্চ আপ পাবলৈ সক্ষম হোৱাত সকলো আনন্দিত হৈ পৰিছে। টিনাই আগন্তুক গোৱাত অনুষ্ঠিত হবলগীয়া এটি মডেলিঙ Showটো ভাগ লব।

কাৰো ওচৰত কোনো ধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈয়ে কেৱল নিজা প্ৰচেষ্টাৰে আগবাঢ়ি যোৱা টিনাই ভৱিষ্যতে এগৰাকী ভাল মডেল হোৱাৰ সপোন পুহি ৰাখিছে। তাইৰ সপোন পুৰণ কৰাৰ বাবে পিতৃ-মাতৃ ৰূপম লাহন আৰু টনিমা লাহনে যথেষ্ট কষ্ট কৰিছে আৰু তেওঁলোকৰ সৰ্বোচ্চ উজাৰি আগবঢ়াই নিছে।

Exit mobile version