Bangalore tops the list as the ‘Vegetarian City’ভেজিটেৰিয়ান চিটি’ হিচাপে শীর্ষস্থানত বাংগালুৰু

vegitiyan

Bangalore tops the list as the ‘Vegetarian City:

ভেজিটেৰিয়ান অর্থাৎ নিৰামিষ আহাৰ গ্ৰহণকাৰী চহৰ হিচাপে ভাৰতত শীর্ষস্থান লাভ কৰিলে বাংগালুৰুৱে। এটা বেচৰকাৰী খাদ্য যোগনীয়াৰ সংস্থাৰ প্রতিবেদনত এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিলে। দেশৰ ছিলিকন ভেলী ‘হিচাপে পৰিচিত বাংগালুৰুত ভেজিটেৰিয়ান খাদ্য অৰ্ডাৰৰ প্ৰৱণতা গ্ৰাহকৰ মাজত সর্বাধিক বুলি দাবী কৰিলে খাদ্য যোগনীয়াৰ সংস্থাটোবে।

বাংগালুৰুত প্রতি তিনিটা খাদ্যৰ অৰ্ডাৰৰ এটি খাদ্য হৈছে নিৰামিষ। এইখন চহৰত দৈনিক সৰ্বাধিক পৰিমাণৰ অৰ্ডাৰ দিয়া হয় মছলা ড’ছা, পনীৰ বিৰিয়ানি, পনীৰ বাটাৰ মছলাৰ দৰে নিৰামিষ খাদ্য। বাংগালুৰুৰ পাছত দ্বিতীয় সর্বাধিক নিৰামিষ খাদ্য অৰ্ডাৰ দিয়া হয় মুম্বাইত।

এইখন চহৰত গ্রাহকে ডাল খিচিৰী, পিজ্জা, পাওভাজিৰ দৰে নিৰামিষ খাদ্য সর্বাধিক অৰ্ডাৰ দি আহিছে। আনহাতে, নিৰামিষ খাদ্য অৰ্ডাৰৰ ক্ষেত্রত তৃতীয় স্থানত আছে হায়দৰাবাদ। এই চহৰত মছলা ড’ছা আৰু ইডলীৰ সৰ্বাধিক অৰ্ডাৰ দিয়া হয়।

Exit mobile version