Old Photo Of Pm modi With Elon Musk And Kids:হঠাৎ ভাইৰেল হ’ল মাস্কৰ পৰিয়ালৰে মোদীৰ ফটো !

elon musk

Old Photo Of Pm modi With Elon Musk And Kids:

সামাজিক মাধ্যমত সম্প্রতি এখন ফটো ভাইৰেল হৈছে। বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তি এলন মাস্কৰ সন্তানৰ স’তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছে কৰমৰ্দন। কাষতে থিয় হৈ আছে মাস্ক।

সম্প্রতি ‘এক্স’ত এই পুৰণি ফটোখন শ্বেয়াৰ কৰিলে মাস্কে। মাস্কৰ দুই সন্তান ডেমিয়েন আৰু কাইকটৰ স’তে থিয় হৈ আছে ভাৰতৰ প্ৰধানমন্ত্ৰী। কাষত হাঁহিমুখে আছে পিতৃ মাস্ক। মাস্কৰ এই দুই সন্তানৰ তেওঁৰ প্ৰথমা পত্নী জাষ্টিন মাস্কৰ। জাষ্টিন কানাডাৰ এজন প্রতিষ্ঠিত সাহিত্যিক। এই দুই সন্তানৰ লগতে মাস্কৰ প্ৰথম পত্নীৰ ফালৰ পৰা আৰু দুই যমজ সন্তান আছে।

দৰাচলতে মাস্কৰ মুঠ সন্তানৰ সংখ্যা ১১ টা। ইয়াৰে পাঁচটা সন্তান প্রথমা স্ত্ৰীৰ, তিনিটা সন্তান দ্বিতীয় স্ত্ৰীৰ আৰু আন তিনিটা সন্তান তৃতীয় পত্নীৰ। মাস্কে বৃহৎ পৰিয়াল ভাল পায়। এজন সদাব্যস্ত ব্যক্তি হ’লেও মাস্কে প্রায়ে সন্তানৰ স’তে সময় অতিবাহিত কৰিবলৈ ভাল পায়।

মাস্কে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ স’তে পূর্বে উঠা উক্ত ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰাত শেহতীয়াভাৱে ফটোখন ভাইৰেল হ’ল।

Exit mobile version