Son of MLA Nurul Huda was arrested on charges of oil theft:তেল চুৰি চক্ৰৰে জড়িত থকা বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাৰ আত্মসমৰ্পণ

আৰক্ষীয়ে সোধপোছৰ অন্তত গ্ৰেপ্তাৰ কৰে বিধায়ক পুত্ৰক

rakibul huda

Son of MLA Nurul Huda was arrested on charges of oil theft:

অৱশেষত গ্ৰেপ্তাৰ বিধায়ক নুৰুল হুদাৰ পুত্ৰক ৷ তেল চুৰি চক্ৰৰে জড়িত থকা অভিযোগত বিধায়ক গৰাকীৰ পুত্ৰক কিছুদিন ধৰি আৰক্ষীয়ে বিচাৰি আছিল ৷

ADVERTISEMENT

নগাঁৱৰ উলুৱনি আৰক্ষী থানাত ইতিমধ্যে আত্মসমৰ্পণ কৰিছে ৰূপহীহাটৰ কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাই ৷ আৰক্ষীৰ শীৰ্ষ বিষয়াই তেল চুৰি সন্দৰ্ভত বিধায়ক পুত্ৰক সোধপোছ কৰাৰ অন্তত আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰে ৷ তাৰ পিছতে আৰক্ষীয়ে আটকাধীন ৰকিবুল হুদাক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যায়

উল্লেখ্য যে যোৱা দুদিন ধৰি তেল চুৰি চক্ৰৰ বিৰুদ্ধে কঠোৰস্থিতি গ্ৰহণ কৰি কলিয়াবৰ আৰক্ষীয়ে নগাঁৱৰ ৰূপহী আৰু গুৱাহাটীত ব্যাপক অভিযান চলাই ইতিপূৰ্বে গ্ৰেপ্তাৰ কৰিছিল পাঁচজনক ৷ আনহাতে শণিবাৰেই আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত কলিয়াবৰত উৎখাত কৰিছিল তেল চুৰিৰ চক্ৰৰ বৃহৎ গেঙক ৷

এই গেঙৰে আটকাধীন পাঁচজনে আৰক্ষীক দিয়া স্বীকাৰোক্তি অনুসৰি গেঙৰে অন্যতম সদস্য আছিল বিধায়ক পুত্ৰ ৰেজাউল হুদা ফাৰাজী ওৰফে ৰকিবুল হুদা ৷ হুদাই তেল চুৰি চক্ৰৰ পৰা নিয়মীয়াভাৱে জি পেত (GPay) ধন লৈ থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে ৷

Exit mobile version