Guwahati Dev.Minister Ashok Singhal:এজাক বৰষুণত গুৱাহাটীত কৃত্ৰিম বানক লৈ গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংহালৰ টুলুঙা মন্তব্য

গুৱাহাটীৰ পানী ক’লা, মেঘালয়ৰ ৰঙা’, মেঘালয়ৰ পানীয়েহে গুৱাহাটী বুৰালে :সিংহাল

ashok sinhal

Guwahati Dev. Minister Ashok Singhal:

সোমবাৰে মহানগৰীত বিয়লী দিয়া এজাক বৰষুণতে সৃষ্টি হয় এক অবৰ্ণনীয় পৰিস্থিতি। কি জি এছ ৰোড,কি এমএলএ হোষ্টেল মহানগৰীৰ ৰাজপথত ঠায়ে ঠায়ে এবুকু- একঁকাল পৰ্যন্ত পানী হয়। আনহাতে ইয়াৰ পাছতে ৰাজপথত যানজঁট৷ ঘন্টা ঘন্টা ধৰি যানবাহনৰ দীঘলীয়া শাৰী ৰাজপথত ৷

বিশেষকৈ স্কুলবাছ আবদ্ধ হৈ পৰাত কণকণ ছাত্ৰ- ছাত্ৰীয়ে লখোনে ভুকে কটাবলগীয়া পৰিবেশ সৃষ্টি হয় ৷ চাৰি বজাৰ পৰা আবদ্ধ স্কুল বাছৰ পৰা নিশা আঠ/এঘাৰ বজাত হে অভিভাৱককে কণকণ ছাত্ৰ- ছাত্ৰীক পানী ভাঙি কান্ধত লৈ যোৱাৰ দৰে এক অভাৱনীয় পৰিবেশ সৃষ্টি হয় ৷

জিএছ ৰোডত যানবাহনৰ দীঘলীয়া শাৰীৰ যানজঁট নিশা ডেৰ- দুই বজালৈ থাকে ৷ আনকি চৰকাৰী কাৰ্যালয়ৰ বহু বিষয়া- কৰ্মচাৰী কৃত্ৰিম বানৰ বাবে গৃহাভিমুখী হ’ব নোৱাৰি নিশাটো কটাবলগীয়া হয় হোটেলত ৷ উল্লেখ্য যে,এনেকুৱা যান-জঁট কাহানিও হোৱা নাছিল বুলি মন্তব্য কৰে মহানগৰীৰ বহু কেইজন নাগৰিকে ৷

আনহাতে কৃত্ৰিমবানত বহু যানবাহন উটি যোৱাৰ বিপৰীতে আন বহু যানবাহন পানীৰ মাজতে বিকল হৈ পৰে ৷ এক হাহাকাৰময় পৰিস্থিতিৰ সন্মুখীন হয় মহানাগৰিক ৷

ইয়াৰ মাজতে মঙলবাৰে গুৱাহাটীৰ কৃত্ৰিম বানক লৈ টুলুঙা মন্তব্য আগবঢ়ালে গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংহালে। সিংহালৰ মতে,মেঘালয়ৰ পানীয়েহে গুৱাহাটীত সৃষ্টি কৰিলে কৃত্ৰিম বানৰ। আনকি পানীৰ ৰঙক লৈ বিশেষজ্ঞৰ দৰে মন্তব্য দি সিংহালে কয়, গুৱাহাটীৰ পানী ক’লা, মেঘালয়ৰ পানী ৰঙা। গুৱাহাটীত সোমবাৰে হোৱা কৃত্ৰিম বানৰ পানী ৰঙা আছিল ৷

গুৱাহাটী উন্নয়ন মন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব লৈ ৰাইজৰ দুখৰ সমভাগী হোৱাৰ বিপৰীতে অশোক সিংহালে যি অদ্ভুত যুক্তি আগবঢ়াইছে তাক লৈ আজি বহু লোকে ধিক্কাৰ দিয়ে মন্ত্ৰী গৰাকীক ৷ মন্ত্ৰীলৈ উলোতাই বানাক্ৰান্ত ৰাইজৰ প্ৰশ্ন,য’ৰ পানীয়ে নহওক কিয় কৃত্ৰিম বানত ককবকাই থকা মহানগৰবাসীক ৰক্ষা কৰিবলৈ বিভাগীয় মন্ত্ৰী হিচাপে অশোক সিংহাল দায়বদ্ধ নহয় নেকি !

অৱশ্যে মন্ত্ৰী অশোক সিংহলে স্বীকাৰ কৰে যে গুৱাহাটী মহানগৰীৰ নলা-নৰ্দমাৰ বহন ক্ষমতা সীমিত। ডেৰ ঘণ্টা ১৩৬ এমএম বৰষুণৰ ফলত হোৱা অত্যাধিক অতিৰিক্ত পানী বহন কৰিবলৈ অক্ষম মহানগৰীৰ নলা-নৰ্দমাসমূহ। সেয়েহে এজাক নেৰানেপেৰা বৰষুণ দিলে নলা সমূহ উফন্দি ৰাজপথলৈ বাগৰি আহি কৃত্ৰিম বানৰ সৃষ্টি হয় ৷ আগন্তুক তিনিমাহৰ ভিতৰত কৃত্ৰিম বানৰ সমস্যা ৰোধ কৰিবলৈ বিজ্ঞানসন্মতভাৱে ব্যৱস্থা লোৱাৰ কথা সদৰি কৰে মন্ত্ৰী গৰাকীয়ে ৷

Exit mobile version