Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: পুৰণা বন্ধু লগ পোৱাৰ সম্ভাৱনা আছে। সন্তানৰ সাফল্যই মানসিক আনন্দ বৃদ্ধি কৰিব। প্রেমত চিন্তা। ভ্রমণ দিশত শুভ ফল। শুভ ৰং নীলা। শুভ সংখ্যা ৪।

বৃষ: বৃদ্ধ ব্যক্তিসকলে নিজৰ শৰীৰক লৈ যত্ন লওক। সিদ্ধান্ত লোৱাৰ ক্ষেত্রত আবেগ বৰ্জন কৰক। বিদ্যাৰ্থীৰ মধ্যম। শিক্ষার্থীসকলৰ বাবে আজিৰ দিনটো শুভ ফল। শুভ ৰং বগা। শুভ সংখ্যা ২।

মিথুন: উচ্চ শিক্ষাৰ বাধা আঁতৰিব। ব্যৱসায়ত মধ্যম। ঘৰুৱাত ভাল বুলি ক’ব পৰা যায়। প্ৰেমত অশান্তি। বিদেশৰ পৰা বন্ধুৰ লগত কথা হোৱাৰ সম্ভাৱনা। শুভ ৰং কমলা। শুভ সংখ্যা ৬।

কর্কট: দিনটোত আর্থিক দিশত আয়-ব্যয় সমান। বিদ্যাত বাধা। দাম্পত্য আৰু প্ৰণয়ত মজলীয়া। শুভ ৰং মটীয়া। শুভ সংখ্যা ৮।

সিংহ: বিদ্যার্থীসকলে প্রতিযোগিতামূলক পৰীক্ষাত উত্তীর্ণ হ’ব পাৰিব। চাকৰিয়াল ব্যক্তিৰ বদলিৰ সম্ভাৱনা। পঢ়া-শুনাৰ প্ৰতি মনোযোগ দিয়ক। বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। শুভ ৰং ৰঙা। শুভ সংখ্যা ৬।

কন্যা: চাকৰিয়ালসকলৰ দিনটো ভাল। ভ্রমণত কষ্টদায়ক। নিবনুৱাৰ ভাল বুলি ক’ব পৰা যায়। প্ৰেমত মধ্যম। পঢ়া-শুনাৰ বাবে সুনাম বাঢ়িব। প্রিয়জনৰ লগত বিবাদ হ’ব পাৰে। শুভ বং ছাই। শুভ সংখ্যা 8 ৷

তুলা: বিদ্যার্থীসকলে প্রতিযোগিতামূলক পৰীক্ষাত উত্তীর্ণ হ’ব পাৰে। চাকৰিয়াল ব্যক্তিৰ বদলিৰ সম্ভাৱনা। প্ৰেমত অশান্তি। শৰীৰত কষ্টৰ বৃদ্ধি হ’ব। খৰচ বাঢ়িব পাৰে। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৮।

বৃশ্চিক: প্রেম-প্রণয়ত আবেগ বৃদ্ধি। সন্তানৰ প্ৰতিভাৰ বিকাশ। আজি মাটিবাৰী ক্ৰয় কৰাৰ চিন্তা কৰিব পাৰে। আত্মীয়জন ঘৰলৈ অহাৰ সম্ভাৱনা দেখা যায়। শিক্ষাত শুভ ফল। শুভ ৰং মাখন। শুভ সংখ্যা ২।

ধনু: মাতৃৰ আৰোগ্য লাভ। নতুনকৈ আৰম্ভ কৰা ব্যৱসায়ত যথেষ্ট গুরুত্ব দিয়ক। দূৰ ভ্ৰমণ কৰিব পাৰে। কৰ্মস্থানত বাধা আহিব পাৰে। ঘৰুৱা দিশত খৰচ বৃদ্ধি হ’ব পাৰে। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৭।

মকৰ : স্বাস্থ্যৰ ক্ষেত্রত ভাল দেখা নাযায়। বিদ্যাত সাফল্য লাভ। খৰচৰ মাত্রা কমিব। আনৰ কথা শুনি যিকোনো ব্যৱসায় আৰম্ভ নকৰিব। বিপদ হ’ব পাৰে। শুভ ৰং ক’লা। শুভ সংখ্যা ৫।

কুম্ভ: কন্যা সন্তানৰ বিবাহৰ যোগ। আর্থিকত ভাল। ভ্রমণ নকৰাই ভাল। প্রেমত মধ্যম। পত্নী আৰু ভনীৰ সহায় লাভ কৰিব। বিয়াৰ যোগাযোগত বাধা। কর্মস্থানত ব্যস্ত হোৱাৰ বাবে শৰীৰত অশান্তি হ’ব পাৰে। শিক্ষাত বাধা দেখা যায়। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৪।

মীন: উচ্চ শিক্ষাত বাধা। বন্ধুৰ সাহায্য লাভ। আইনী সমস্যা সমাধান হোৱাৰ যোগ। প্ৰেমত নতুন আশা। বিদ্যার্থীৰ মধ্যম। আবেগ বৰ্জন কৰক। গঠনমূলক কামৰ বাবে উন্নতিৰ পথত বাধা দেখা যাব। শুভ ৰং ক’লা। শুভ সংখ্যা ৫।

Exit mobile version