Sick elephant released in Rani forest:ৰাণী বনাঞ্চলত এৰি দিলে অসুস্থ হাতী

elephant

Sick elephant released in Rani forest:

মহানগৰীৰ পার্শ্বৱর্তী ৰাণী অঞ্চলত বনৰীয়া হাতীৰ জাকে আৱাসিক অঞ্চলত তাণ্ডব চলাই আহিছে। স্থানীয় লোকৰ বাৰীত কঁঠাল কুঁহিয়াৰ, পথাৰৰ ধান, অনিষ্ট সাধান কৰি আহিছে। তেনে সময়তে আজি পুৱা ৰাণী কাৱাছিং সংৰক্ষিত বনাঞ্চলত পূব কামৰূপ বন সংমণ্ডলৰ এটা দলে এটা অসুস্থ বনৰীয়া হাতী বনাঞ্চলত মুকলি কৰি দিয়ে।

স্থানীয় লোকে জানিব দিয়া মতে, গুৱাহাটী কামাখ্যাৰ পৰা হাতীটো বনবিভাগে আনি এৰি দিয়ে। ইফালে, বনৰীয়া হাতীটো বহুত অসুস্থ হৈ পৰা দেখা গৈছে। স্থানীয় লোকে ৰাতিপুৱাৰ ভাগত হাতীতো দুর্বল হৈ খোজ কাঢ়ি যাবলৈ নোৱাৰা হোৱা দেখা পাইছে। বন বিভাগে কিয় হাতীটোক চিকিৎসা প্রদান নকৰাকৈ এৰি দিলে সেইটোহে ৰহস্যৰ বিষয়।

একাংশ লোকৰ মতে সেই স্থানত অন্য বনৰীয়া হাতীৰ এটা বৃহৎ জাক মুক্ত বিচৰণ কৰি আছে। যদিহে এই দুর্বল হাতীটোক অন্য হাতীয়ে পাই তেন্তে মাৰি পেলোৱাটো নিশ্চিত হৈছে। বন বিভাগে পূব কামৰূপ বন সংমণ্ডলৰ এটা দলে স্থানীয় বন বিভাগক কোনো খবৰ নিদিয়াকৈ আহি এই বনৰীয়া হাতীটো মুকলি কৰি দি যায়।

Exit mobile version