IOC disqualifies Indian wrestler Vinesh Phogat:ভাৰতীয় মল্লযোদ্ধা ভিনেশ ফ’গাটক অযোগ্য ঘোষণা আই অ’চিৰ

ফাইনেল খেলৰ পূৰ্বে ফ'গাটক ১০০ গ্রাম অধিক ওজন হোৱাৰ বাবে অযোগ্য ঘোষণা

oly 1

IOC Disqualifies Indian Wrestler Vinesh Phogot:

পেৰিছ অলিম্পিকত সোণৰ পদকৰ লক্ষ্যৰে বুধবাৰে নিশা অনুষ্ঠিতব্য ফাইনেল মেচৰ পূৰ্বে ভাৰতীয়ৰ বাবে বেয়া খবৰ ৷ খেলৰ পূৰ্বে শৰীৰৰ ওজন বেছি হোৱা বাবে ভাৰতীয় মল্লযোদ্ধা ভিনেশ ফ’গাটক অযোগ্য ঘোষণা কৰে আই অ’চিয়ে ৷

আইঅ’চিয়ে সদৰি কৰা মতে , মল্লযোদ্ধাগৰাকীৰ ওজন নিৰ্ধাৰিত হিচাপতকৈ প্ৰায় ১০০ গ্ৰাম অধিক আছিল। ইতিপূৰ্বে অৱতীৰ্ণ হোৱা ইভেণ্টটোত মহিলাৰ ৫০ কেজি শাখাত তেওঁ ৰিঙত নামিছিল যদিও আজিৰ ফাইনেলত অৱতীৰ্ণ হোৱাৰ পূৰ্বে
খেলুৱৈগৰাকীৰ ওজন জোখাত ১০০ গ্ৰাম বেছি হয় । যাৰবাবে অলিম্পিকৰ নিয়ম অনুসৰি আই অ’চিয়ে ভিনেশক অযোগ্য ঘোষণা কৰা হয়।

উল্লেখ্য যে,ভাৰতীয় মল্লযোদ্ধা গৰাকী সাধাৰণতে ৫৩ কেজি শাখাত খেলে যদিও পেৰিছ অলিম্পিকত ৫০ শাখাত প্ৰতিখন খেলি গৈছিল ৷ আনহাতে মঙলবাৰে ভিনেশে কিউবাৰ গুজমান লোপেজক পৰাভূত কৰে ফাইনেললৈ নিৰ্বাচিত হৈছিল ৷ মল্লযুঁজত ফাইনেলত উপনীত হোৱা ভিনেশ প্ৰথম গৰাকী ভাৰতীয় হিচাপে পৰিগণিত হৈছিল ৷

আনহাতে,ভিনেশ ফোগাটত অযোগ্য ঘোষণা কৰাৰ পিছতে ভাৰতীয় অলিম্পিক সন্থাই এই অপ্ৰত্যাশিত পদক্ষেপক দুখ প্ৰকাশ কৰে ৷

ভাৰতীয় দলৰ পৰা ৫০ কেজি শাখাত ভিনেশক হঠাতে অযোগ্য ঘোষণা কৰাৰ পূৰ্বে মঙলবাৰে গোটেই নিশাটো ওজন কমোৱাৰ বাবে ভাৰতীয় দলে সকলো চেষ্টা কৰিছিল যদিও আজি পুৱা ওজন জোখাত ১০০ গ্ৰাম অতিৰিক্ত ওজন পোৱাৰ বাবে আইঅ’চিয়ে উল্লিখিত পদক্ষেপ গ্ৰহণ কৰে ৷

Exit mobile version