Golden Boy Neeraj Chopra won the silver medal in the javelin throw:পুনৰ উজ্জ্বলি উঠিল পেৰিছ অলিম্পিকত

জেভলিন থ্ৰ’ত গল্ডেন বয় নীৰজ চোপ্ৰাই আজুৰি আনিলে ৰূপৰ পদক, প্ৰধানমন্ত্ৰী মোডী সহ বিভিন্নজনৰ অভিনন্দন

niraj

Golden Boy Neeraj Chopra won the silver medal in the javelin throw:

জেভলিন থ্ৰ’ত পুনৰ উজ্জ্বলি উঠিল গল্ডেন বয় নীৰজ চোপ্ৰা ৷ বৃহস্পতিবাৰে নিশা জেভলিন থ্ৰ’ৰ ফাইনেলত অৱতীৰ্ণ হৈ নীৰজে ৮৯.৪৫ মিটাৰ জেভ’লিন দলিয়াই আজুৰি আনিলে ৰূপৰ পদক। আনহাতে পাকিস্তানৰ আৰ্শ্বাদে ৯২. ৯৭ মিটাৰ জেভ’লিন দলিয়াই লাভ কৰে সোণৰ পদক।

ইয়াৰ লগে লগে পেৰিছ অলিম্পকত ভাৰতৰ পদকৰ সংখ্যা বৃদ্ধি পালে পাঁচটালৈ ৷ এই পৰ্যন্ত ভাৰতে চাৰিটা বঞ্জ আৰু এটা ৰূপৰ পদক লাভ কৰিছে ৷ উল্লেখ্য যে,ইতিমধ্যে ভাৰতৰ ক্ৰীড়ানুৰাগীৰ নয়নৰ মণি হৈ পৰা নীৰজে বিগত টকিঅ’ অলিম্পিকত স্বৰ্ণ পদক লাভ কৰিছিল ৷ একেৰাহে দুখনকৈ অলিম্পিকক দুটাকৈ পদক লাভ কৰি প্ৰথম ভাৰতীয় হিচাপে বিবেচিত হৈছে ৷

আনহাতে,গল্ডেন বয় নীৰজ চোপ্ৰাৰ এই সাফল্যত আনন্দ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ৰূপ জয় কৰাৰ বাবে তেওঁক অভিনন্দন জনায় ৷

Exit mobile version