Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: ৰাজনীতিৰ লগত জড়িত থকা সকলে ভাল ফল পাব। ঘৰত আলহী- অতিথিৰ আগমন হ’ব পাৰে। দিনতো শুভ হ’ব। শুভ ৰং বগা। শুভ সংখ্যা ৫।

বৃষ: ব্যৱসায়ত বৃদ্ধি লাভ। ঘৰুৱা, প্ৰেমৰ দিশত শুভ। যাত্ৰা কৰোতে অলপ সাৱধান হওক। শুভ ৰং মেৰুণ, শুভ সংখ্যা ১।

মিথুন: কোনো পুৰণা শত্রুয়ে আপোনাৰ ক্ষতি কৰিব পাৰে। কর্মক্ষেত্রত শুভ। দিনটো অলপ সাবধানে চলক। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬।

কর্কট: শিক্ষাৰ্থীৰ মনৰ চিন্তা আৰু অস্থিৰতা বাঢ়িব। প্ৰেমত শুভ। মনটো স্থিৰে ৰখাৰ প্ৰয়োজন। শুভ ৰং ৰঙা। শুভ সংখ্যা ২।

সিংহ: আর্থিক-বাণিজ্যিক ক্ষেত্রত শুভ ফল পাব। প্রেম-সাংসাৰিকত সুখ শান্তি অটুট থাকিব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৪।

কন্যা: আজি দিনটো শুভ হ’ব। বহুদিনৰ পুৰণি ইচ্ছা পূৰণ হোৱাৰ সম্ভৱনা আছে। শুভ ৰং পাতল সেউজীয়া, শুভ সংখ্যা ১।

তুলা: পৰাপক্ষত দিনটো ভ্রমণ নকৰাই ভাল। শিক্ষার্থীৰ মানসিক অশান্তিৰ যোগ। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৫।

বৃশ্চিকঃ ৰাজনীতি, বুদ্ধিজীবি, সমাজকর্মী লোকৰ অলপ অশান্তি থাকিব; তথাপিও দিনটো বেয়া নাযায়। শুভ ৰং ক’লা, শুভ সংখ্যা ৯।

ধনুঃ কৰ্মক্ষেত্ৰত নিজৰ অৰ্হতাৰ ওপৰত যোগ্য স্থান লাভ কৰিব। নতুন ঠাই ভ্ৰমণৰ সুযোগ পাব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৯।

মকৰ : শিক্ষাৰ্থীৰ মনত সন্দেহ অনিশ্চয়তাৰে ভৰি থাকিব। ব্যৱসায় ক্ষেত্রত শুভ ফল পাব। দিনটো শুভ। শুভ ৰং নীলা, শুভ সংখ্যা ৮।

কুম্ভ: শৰীৰত পুৰণি ৰোগে দেখা দিব পাৰে। যান-বাহন, মাটি- সম্পত্তিৰ ফালৰ পৰা লাভৱান হ’ব। কমলা ৰং শুভ। শুভ সংখ্যা ৭।

মীন: কোনো বিশেষ ঘটনাই মনৰ অস্থিৰতা আনিব পাৰে। শৰীৰ বৰ ভালে যোৱা টান। প্ৰেমত শুভ। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ২।

Exit mobile version