Temporarily closed to worship in Varanasi:সাময়িকভাৱে পূজা-অর্চনা বন্ধ ঘোষণা বাৰানসীত

varanshi

Temporarily closed to worship in Varanasi:

উত্তৰ প্ৰদেশৰ বাৰানসী ঘাটত পূজা-অর্চনা সাময়িকভারে বন্ধ ঘোষণা কৰা হৈছে। প্রবল বৃষ্টিৰ ফলত সম্প্ৰতি ৰাজ্যখনত গংগাৰ জলস্তৰ যথেষ্ট বৃদ্ধি পাইছে আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় প্রশাসনে বাৰানসী ঘাটৰ আশে-পাশে কোনো ব্যক্তিক নাযাবলৈ পৰামৰ্শ দিলে।

প্রতিকূল বতৰৰ ফলত সম্প্ৰতি কাশী বিশ্বনাথ মন্দিৰ দৰ্শনৰ পৰা ভক্তসকল বঞ্চিত হৈছে। জলস্তৰ বৃদ্ধিৰ ফলত গংগাঘাটৰ সমীপৰ এটা ঘৰো ভাঙি পৰিল। এই ঘটনাৰ পাছৰে পৰা প্রশাসনে বাৰানসীঘাটত বিশেষ সতর্কতা অৱলম্বন কৰিছে। পৰৱৰ্তী জাননী জাৰি নকৰালৈকে বাৰানসী ঘাটত সাময়িকভাৱে পূজা-অর্চনা বন্ধ ৰখা হৈছে।

Exit mobile version