Trump and Kamala will take part in the debate on September10:১০ ছেপ্টেম্বৰত মহাবিতৰ্কত অংশ ল’ব ট্রাম্প-কমলাই

kamla

Trump and Kamala will take part in the debate on September10:

অহা পাঁচ নৱেম্বৰত আমেৰিকাত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ পূৰ্বে অহা ১০ ছেপ্টেম্বৰত প্রথমটো মুখামুখি নির্বাচনী বিতৰ্কত অংশ ল’ব ৰিপাব্লিকান প্রার্থী ড’নাল্ড ট্রাম্প আৰু ডেম’ক্রেটিক প্রার্থী কমলা হেৰিছে। উভয় পক্ষৰ সন্মতিৰ পাছত এই বিতর্ক অনুষ্ঠানৰ বাবে সাজু হৈছে ডেম’ক্রেটিক আৰু ৰিপাব্লিকান শিবিৰ।

এইবাৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰথমটো বিতর্ক অনুষ্ঠানত ট্রাম্পে সেই সময়ৰ ডেম’ক্রেটিক প্রার্থী। জ’ বাইডেনক ধৰাশায়ী কৰিছিল। বাইডেনৰ প্ৰস্থানৰ পাছত এইবাৰ ‘ট্রাম্পৰে নিৰ্বাচনী বিতর্কত মুখামুখি হ’ব ডেম’ক্রেটিক প্রার্থী কমলা

এবিচি নিউজে এই কথা ঘোষণা কৰি কয় যে অহা ১০ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ এক মহাবিতৰ্কত অংশ ল’ব ট্রাম্প আৰু কমলাই। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত মুখামুখি বিতর্কই এক বিশেষ গুৰুত্ব লাভ কৰি আহিছে। এনে বিতৰ্কত অংশ লৈ প্রতিদ্বন্দ্বী দুই দলৰ প্রার্থীয়ে বিভিন্ন প্ৰসংগত নিজৰ নীতি আৰু স্থিতি কি হ’ব, সেয়া দেশবাসীৰ আগত উপস্থাপন কৰি আহিছে।

Exit mobile version