Landslide on Barak-Guwahati highway in Meghalaya:মেঘালয়ত বৰাক-গুৱাহাটী সংযোগী ঘাইপথত ভূমিস্খলন

মেঘালয়ৰ কুলিয়াং এলেকাৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভূমিস্খলন, ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰিছে যাতায়ত ব্যবস্থা , গুৱাহাটী- বৰাকৰ মাজত ব্যাহত যোগাযোগ 

lanslide 1

Landslide on Barak-Guwahati highway in Meghalaya:

চুবুৰীয়া মেঘালয়ত বিগত কে’বাদিন ধৰি অব্যাহত থকা বৃষ্টিপাতৰ সমান্তৰালভাৱে যোৱা নিশা হোৱা মুষলধাৰ বৰষুণৰ ফলত ৰাজ্যখনৰ কুলিয়াং অঞ্চলত সংঘটিত হয় ভূমিস্খলন

নেৰানেপেৰা বৰষুণৰ ফলস্বৰূপে পাহাৰৰ পৰা বোকা মাটি আৰু শিল খহি ছয় নম্বৰ শিলচৰ-শ্বিলং- গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণ ৰূপে পুতি পেলায় ৷ যাৰবাবে সম্পূৰ্ণ বন্ধ হৈ পৰিছে সদাব্যস্ত ছয় নম্বৰ শিলচৰ-শ্বিলং-গুৱাহাটী ৰাষ্ট্ৰীয় পথটো।

আনহাতে পথটোৰে যানবাহনৰ চলাচল ব্যাহত হৈ পৰাৰ ফলত বৰাক উপত্যকা সহ চুবুৰীয়া মিজোৰাম, ত্ৰিপুৰাত এক প্ৰকাৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হোৱা আশংকা প্ৰকট হৈ উঠিছে ৷ একেদৰে হঠাতে ভূমিস্খলনৰ বাবে ইতিমধ্যে পথটোত আবদ্ধ হৈ পৰিছে বিভিন্ন সৰু – বৰ যানবাহন সহ যাত্ৰীবাহী বাছ ৷

অৱশ্যে শেহতীয়া খবৰ অনুসৰি পথটো মুকলি কৰিবলৈ মেঘালয়ৰ ইষ্ট জয়ন্তীয়া হিলছ জিলা প্ৰশাসনে গড় কাপ্তানি বিভাগৰ সহযোগত যুদ্ধকালীন তৎপৰতাৰে কাম আৰম্ভ কৰিছে ৷ আশা কৰা অনুসৰি আজিৰ ভিতৰতে পথটো মুকলি হ’ব পাৰে ৷

Exit mobile version