Large cache of weapons Recovered in Dhekiajuli:স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ঢেকীয়াজুলিত উদ্ধাৰ বৃহৎ অস্ত্রভাণ্ডাৰ

arms

Large cache of weapons Recovered in Dhekiajuli:

দেশৰ স্বাধীনতাৰ প্ৰাকক্ষণত ঢেকীয়াজুলিত উদ্ধাৰ বৃহৎ অস্ত্রভাণ্ডাৰ ৷ প্ৰাক্তন এনডিএফবি সদস্য এজনৰ ঘৰৰ পৰা জব্দ কৰা হয় বহু পৰিমাণৰ মাৰাণস্ত্ৰ খিনি ৷

ঢেকীয়াজুলি আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত বাতাচীপুৰৰ তামোলবাৰীতস্থ প্ৰাক্তন এনডিএফবি সদস্য লাইজৌ ওৰফে লালৰ বাসগৃহত অৰ্তকিতে অভিযান চলাই উদ্ধাৰ কৰে ১০টা গ্ৰেনেড, এটা ৭.৫ ৰিভলভাৰ, এটা পিষ্টল ৷ অৱশ্যে এই সন্দৰ্ভত প্ৰাক্তন এনডিএফবি সদস্যজনক আটক কৰিবলৈ সক্ষম নহ’ল যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

Exit mobile version