DGP GP Singh will leave Assam:শীঘ্ৰে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান সলনি হোৱাৰ সম্ভাৱনা !

dgp 999

DGP GP Singh will leave Assam:

শীঘ্ৰে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান সলনি হোৱাৰ সম্ভাৱনা আছে। কিয়নো চৰ্চা অনুসৰি বৰ্তমানৰ সঞ্চালক প্ৰধান জি পি সিঙে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত যোগদানৰ সম্ভাৱনা আছে। অৱশ্যে সিঙক লৈ এনে ধৰণৰ চৰ্চা পূৰ্বেও চলিছিল।

অৱশ্যে এইবাৰ সম্ভাৱনা অধিক বুলি ৰাজ্যৰ গৃহ বিভাগতে আলোচনা হৈছে ।‌ চৰ্চা অনুসৰি সিঙ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালক হোৱাৰ সম্ভাৱনা অধিক।

তেনেক্ষেত্ৰত ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান কোন হব,সেয়াও আন এক চৰ্চাৰ বিষয় হৈ পৰিছে। পদটোৰ বাবে চৰ্চাত থকা দুটা নাম হ’ল বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং আৰু অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তা।

Exit mobile version