A woman died of food poisoning in Jonai:জোনাইত অঘটন ! খাদ্যত বিষক্ৰিয়া হৈ মৃত্যু এগৰাকী মহিলাৰ

চিকিৎসালয়ত চিকিৎসাধীন শিশু-মহিলাসহ ১৩২জন লোক

jonai

A woman died of food poisoning in Jonai

জোনাইত অঘটন ৷ খাদ্যত বিষক্ৰিয়া হৈ চিমেন চাপৰিত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ বিপৰীতে বৰ্তমান চিকিৎসাধীন হৈ আছে মহিলা-শিশু সহ ১৩২জন লোক। মৃত মহিলাগৰাকী চিমেন চাপৰিৰ ডেকা শান্তিপুৰ গাঁৱৰ শৰ্মিলা স্বৰ্গীয়াৰী বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত খবৰ অনুসৰি, ১৩ আগষ্টত জোনাইৰ চিমেন চাপৰিস্থ আঞ্চলিক বাথৌ মন্দিৰৰ সমূহীয়া প্ৰাৰ্থনাত অংশ লৈছিল শান্তিপুৰ, জাৰ্মনবাৰী, ১নং নাওকাটা, ৰাওন শান্তিপুৰ, ডেকা শান্তিপুৰৰ প্ৰায় ডেৰ শতাধিক লোকে ৷ প্ৰাৰ্থনাৰ অন্তত মাহ- প্ৰসাদ খাই বিষক্ৰিয়াত আক্ৰান্ত হৈ চিকিৎসাধীন হ’ব লগা হয় শিশু-;মহিলা সহ ১৩২ গৰাকী লোক ৷

আক্ৰান্ত সকলক তৎকালেই ভৰ্তি হয় চিমেন চাপৰি আৰু ডেকাপাম ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৷ ইয়াৰে একাংশৰ অৱস্থা গুৰুতৰ হোৱাত প্ৰেৰণ কৰা হয় চিলাপথাৰ আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ ৷ আনহাতে আন কে’বাজনৰ অৱস্থা সংকটজনক হোৱাত নিশাই ভৰ্তি কৰা হয় ধেমাজি অসামৰিক চিকিৎসালয়লৈ ৷ ইয়াতে চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ডেকা শান্তিপুৰ গাঁৱৰ শৰ্মিলা স্বৰ্গীয়াৰী নামৰ এগৰাকী মহিলা ৷

Exit mobile version