Independence Day Cup Football Tournament Fourth AP Youngster FC Champion: স্বাধীনতা দিৱস কাপ ফুটবল টুণামেন্ট

চতুৰ্থ এপি ইয়ংষ্টাৰ এফ চি চেম্পিয়ন

aja

Independence Day Cup Football Tournament Fourth AP Youngster FC Champion:

যোৱা ১৪ আৰু ১৫ আগষ্টত আছাম জগিং এচোচিয়েচনে আয়োজন কৰা স্বাধীনতা দিৱস নক আউট ফুটবল টুণামেন্টৰ ফাইনেল খেলত চতুৰ্থ আছাম পুলিচ ইয়ংষ্টাৰ এফ চিয়ে ৰানাৰ্ছআপ আছাম জগিং এচোচিয়েচন এফ চিক পেনাল্টি শ্বুট আউটত পৰাজিত কৰি চেম্পিয়ন হয় ৷ দিছপুৰৰ জনতা ভৱন খেল পথাৰত দুদিন ধৰি অনুষ্ঠিত এই টুণামেন্টত মুঠ ১৬ টা দলে যোগদান কৰিছিল। খেলত ঋতিক পাঠক প্লেয়াৰ অৱ দ্যা টুণামেন্ট আৰু শ্ৰেষ্ঠ গোলকিপাৰ তথা চুড়ানৎ খেলৰ প্লেয়াৰ অৱ দ্যা মেচ হিচাপে নিৰ্বাচিত হয় নিখিল ৰায় ৷

আছাম জগিং এচোচিয়েচনে যোৱা এক দহকৰো ওপৰ কাল ধৰি এই ফুটবল টুণামেন্ট প্ৰতি বছৰে স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠিত কৰি আহিছে ৷ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে ব্ৰিগেডিয়াৰ ( অৱসৰপ্ৰাপ্ত) সুৰেন্দ্ৰ প্ৰসাদ আৰু জিএল পাব্লিকেশ্বনৰ জেনেৰেল মেনেজাৰ প্ৰনৱ তালুকদাৰ ৷ অনুষ্ঠানত সভাপতিত্ব কৰে আছাম জগিং এচোচিয়েচনৰ গীতাৰ্থ পাঠক,খেত পৰিচালনাত আছিল নয়ন সিংহ,ধৰনী ডেকা আৰু শৈলেন চৌধুৰী ৷

Exit mobile version