Unidentified body found in Nagaon Raidongia:অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ নগাঁৱৰ ৰাইদঙীয়াত চাঞ্চল্য

হাত-ভৰি বান্ধি থোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো

deadbody

Unidentified body found in Nagaon Raidongia:

অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ নগাঁৱৰ ৰাইদঙীয়াত চাঞ্চল্য ৷ হাত-ভৰি বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো এজন যুৱকৰ ৷

বগৰীগুৰি-ৰাইডঙীয়া সংযোগী পথৰ কাষত পৰি থকা মৃতদেহটো পথচাৰীয়ে প্ৰত্যক্ষ কৰি জাজৰী থানাত খবৰ দিয়ে ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো নগাঁও চিভিল হাস্পতালৰ মগলৈ প্ৰেৰণ কৰিছে।

আনহাতে মৃত লোকজনৰ পৰিচয় উলিয়াব পৰা নাই আৰক্ষীয়ে । দুর্বৃত্তই হত্যা কৰি মৃতদেহটো পথৰ কাষত পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷

Exit mobile version