Government employee arrested for taking bribe:উৎকোচ লৈ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে

চিএম ভিজিলেঞ্চৰ জালত উচ্চ বৰ্গৰ সহায়ক

bribe 1

Government employee arrested for taking bribe:

পুনৰ উৎকোচ লৈ হাত দাঙিলে আৰু এজন চৰকাৰী বিষয়াই। চিএম ভিজিলেঞ্চৰ জালত পৰা ঘোচখোৰ বিষয়াজন হ’ল গোৱালপাৰাৰ সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কৰ কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক প্ৰবীণ মুছাহাৰী ৷

উল্লেখ্য যে এজন লোকৰ পৰা ছ’চাইটি পঞ্জীয়নৰ নামত ৫০ হাজাৰ টকা উৎকোচ বিচাৰিছিল কাৰ্যালয়টোৰ উচ্চ বৰ্গৰ সহায়ক প্ৰবীণ মুছাহাৰীয়ে। সেই অনুসৰি বুধবাৰে আগধন হিচাপে লোকজনৰ পৰা ১০ হেজাৰ টকা উৎকোচ লওঁতেই পূৰ্বৰে পৰা খাপ পিটি থকা চিএম ভিজিলেঞ্চে হাতেলোটে আটক কৰে উচ্চ বৰ্গৰ সহায়কজনক।

ইতিমধ্যে আটকাধীন উচ্চ বৰ্গৰ সহায়ক মুছাহাৰীক অধিক জেৰাৰ বাবে গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰিছে।

Exit mobile version