Horoscope:ৰাশিফল

horoscope new 12

Horoscope:ৰাশিফল

মেষ: আজিৰ দিনটো আপোনাৰ কাৰণে বহু বেছি ভাল নাযায়। দূৰ শত্ৰুৰ পৰা সাৱধানে থাকক। সন্তানৰ বাবে চিন্তা বৃদ্ধি হ’ব। যিকোনো মানুহৰ লগত নিজৰ মনৰ কথা আলোচনা নকবিৰ। শুভ ৰং নীলা।

বৃষ: স্বাস্থ্যৰ অশান্তিৰ বাবে কৰ্মক্ষেত্ৰত সমস্যা আহিব পাৰে। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। দুখীয়া লোকক সহায় কৰিলে মন আনন্দিত হ’ব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৯।

মিথুন: বিদ্যার্থীসকলৰ বাবে আজি দিনটো শুভ। ব্যৱসায়ৰ দিশত ভাল ফল দেখা যায়। কুচিন্তাৰ কাৰণে মনঃ কষ্ট। কৰ্মদিশৰ পৰা বাহিৰত যোৱাৰ সম্ভাৱনা। শুভ ৰং বগা। শুভ সংখ্যা ২।

কর্কট: বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। পাবলৈ থকা ধন ঘূৰাই পাব। নৃত্যশিল্পীৰ বাবে উন্নতিৰ যোগ দেখা যায়। আপোনাৰ প্রিয়জনে আজি আপোনাৰ লগত বিশ্বাসঘাতক কৰিব। শুভ ৰং মাটিয়া। শুভ সংখ্যা ৪।

সিংহ: অচিনাকি ব্যক্তিক সুধি কোনো ধৰণৰ কাম আৰম্ভ নকৰিব। বিপদ হ’ব। ব্যৱসায় দিশত ভাল ফল। আর্থিক দিশত বহু বেছি ভাল নহয়। শুভ ৰং নীলা। শুভ সংখ্যা ৬।

কন্যা: মনত কিছু অহেতুক চিন্তাই ঠাই ল’লেও আপোনাৰ উপস্থিত বৃদ্ধিৰ দ্বাৰা আঁতৰিব পাৰে। পৰাপক্ষত পঢ়া-শুনাৰ প্ৰতি গুৰুত্ব দিয়ক। কর্মত খ্যাতি বৃদ্ধিৰ যোগ। শুভ ৰং ৰঙা। শুভ সংখ্যা ৩।

তুলা: কৰ্মৰ মজলীয়া প্ৰভাৱ। নিজৰ উদ্দেশ্য সাধনত ব্রতী হওক। পাৰিবাৰিক দিশত অশান্তি হ’ব পাৰে। নতুন কোনো বৱসায়ত সফল হ’ব। প্রেম-প্রীতিত উদাস চিন্তা। শুভ ৰং মাটিয়া। শুভ সংখ্যা ১।

বৃশ্চিক: বন্ধু-বান্ধৱৰ লগত মন খুলি ক’লেও মূল কথা ব্যক্ত নকৰিব। কিছু আহুকালৰ মাজেদি সদা প্রয়োজনীয় কর্ম সম্পাদিত হ’ব। শিক্ষাৰ্থীসকলৰ বাবে ভাল যোগ। শুভ ৰং সোণালী। শুভ সংখ্যা ৮।

ধনু: পৰাপক্ষত টকা-পইচাৰ লেনদেন নিজৰ হাতেৰে কৰিব। মা-দেউতাৰ প্রতি দায়িত্ব পালন নকৰাত সংসাৰত অশান্তিৰ সৃষ্টি হ’ব। বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৭।

মকৰ: অতিৰিক্ত ক্ৰোধৰ ফলত অশান্তিৰ সৃষ্টি হ’ব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত শুভ ফল। গুৰুজনৰ কথাত বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন।

কুম্ভ: সম্পত্তি লৈ সমস্যা হ’ব পাৰে। আনক সহায় কৰিব যোৱাতে নিজে বিপদত পৰিব। সাংসাৰিক দিশত শান্তি বজায় থাকিব। হাতলৈ টকা-পইচা আহিব যদিও খৰচ বৃদ্ধি। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ১।

মীন: চাকৰিৰ ফালৰ পৰা বিদেশ যাত্ৰা হ’ব পাৰে। বিদ্যার্থীসকলৰ বাবে নতুন সুযোগ আহিব পাৰে। আপোনাৰ ব্যৱহাৰে আজি আপোনাক সন্মানিত কৰিব। শুভ ৰং মাখন। শুভ সংখ্যা ২।

Exit mobile version