Two BJP candidates have filed their nominations for the Rajya Sabha elections: ৰাজ্যসভা নিৰ্বাচনৰ বাবে দুই বিজেপি প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন

nomination

Two BJP candidates have filed their nominations for the Rajya Sabha elections:

ৰাজ্যসভা নিৰ্বাচনৰ বাবে দুই বিজেপি প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন | ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাসক সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ,সৰ্বানন্দ সোনোৱাল আৰু ভৱেশ কলিতা,অগপৰ সভাপতি মন্ত্ৰী অতুল বৰা,ইউপিপিএলৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ইউ জি ব্ৰক্ষ্মই  |

অসমৰ ৰাজ্যসভাৰ খালী হৈ থকা দুখন আসনৰ বাবে আজি বিজেপিৰ দুই মনোনিত প্ৰাৰ্থী ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাসে আজি বিধানসভা সচিবালয়ৰ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত দাখিল কৰে মনোনয়ন পত্ৰ ৷

মনোনয়ন দাখিল পৰ্বত প্ৰাৰ্থী দুগৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা,কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল,ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, অগপৰ সভাপতি মন্ত্ৰী অতুল বৰা,ইউপিপিএলৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ইউ জি ব্ৰক্ষ্মসহ বহু কেইগৰাকী মন্ত্ৰী- বিধায়কে ৷

উল্লেখ্য যে মিছন ৰঞ্জন দাস ১৯৯১চনত পোন প্ৰথমবাৰৰ বাবে উত্তৰ কৰিমগঞ্জৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে অসম বিধান সভালৈ নিৰ্বাচিত হৈছিল ৷ তেওঁ সমষ্টিটোৰ পৰা একেৰাহে চাৰিবাৰৰ বিধায়ক আছিল ৷

আনহাতে ৰামেশ্বৰ তেলী দুলীয়াজান বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল। একেদৰে ডিব্ৰুগড় লোকসভাৰ সাংসদ হিচাপে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

মনকৰিবলগীয়া যে ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ আজি অন্তিম দিন ৷ কিন্ত এই পৰ্যন্ত কংগ্ৰেছ সহ বিৰোধী দলে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই ৷

স্মতৰ্ৱ্য যে অসম বিধানসভাত শাসকীয় বিজেপি সহ এন ডিএ বিধায়কৰ সংখ্যা অধিক হোৱা হেতুকে বিজেপিৰ দুয়োগৰাকী প্ৰক্ষেপিত প্ৰাৰ্থী অনায়াসে বিজয়ী হোৱাটো খাটাং ৷ যাৰবাবে হয়তো বিৰোধী দলে বিয়লী পৰ্যন্ত প্ৰাৰ্থী নাম ঘোষনা কৰা নাই ৷ বিৰোধী দলে প্ৰাৰ্থী প্ৰক্ষেপিত নকৰিলে দুয়োজন বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বীতাৰে বিজয়ী ঘোষণা কৰিব বিধানসভা সচিবালয়ে ৷ উল্লেখ্য যে ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৩ ছেপ্তেম্বৰত ৷

Exit mobile version