JUA Condemns: সাংবাদিক শ্বাহ আলমে মুখ্যমন্ত্ৰীক সোধা এক প্ৰশ্নোত্তৰত উপলুঙাসূচক মন্তব্যৰ গৰিহণা জুৱাৰ

cmuu

JUA Condemns:

ৰাজ্যৰ এটা সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক শ্বাহ আলমে কৰ্তব্যৰত অৱস্থাত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক পাহাৰ খননৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে পোনপটীয়া উত্তৰ নিদি সাংবাদিক গৰাকীক উদ্দেশ্যি কৰা উপলুঙাসূচক মন্তব্য দুৰ্ভাগ্যজনক ।

এক বিবৃতিত জাৰ্নেলিষ্ট ইউনিয়ন অৱ আসাম (জুৱা)ৰ সভানেত্ৰী চেমিম চুলতানা আহমেদ আৰু সাধাৰণ সম্পাদক ধনজিৎ কুমাৰ দাসে কয়, প্ৰশ্নৰ উত্তৰ নিদি মুখ্যমন্ত্ৰীয়ে প্ৰসংগবিহীন বাবে সাংবাদিক গৰাকীৰ নাম উচ্চাৰণ কৰি ধৰ্মীয় পৰিচয় টানি আনি তেওঁৰ প্ৰতি কৰা ব্যক্তিগত অপমান গ্ৰহণযোগ্য নহয়। ইয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে সাংবিধানিক পদমৰ্যাদা লাঘৱ কৰিছে । তদুপৰি সাংবাদিকৰ প্ৰশ্ন কৰাৰ অধিকাৰ নস্যাৎ কৰা হৈছে।

আগন্তুক দিনত এনে আচৰণৰ পৰা মুখ্যমন্ত্ৰীক বিৰত থাকিবলৈ জুৱাই আহ্বান জনায় ৷

Exit mobile version