Terrible Bus accident in Nepal: নেপালত ভয়ংকৰ অঘটন 

নিয়ন্ত্ৰণ হেৰুৱাই নৈত পৰিল যাত্ৰীবাহী বাছ, নিহত ১৪ আৰু আহত ১৬ জন

nepal

Terrible Bus accident in Nepal:

চুবুৰীয়া হিমালয়ান দেশ নেপালত শুক্ৰবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। দেশ খনৰ তানাহুন জিলাৰ মাৰ্চিয়াংদি নৈ নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে ভাৰতৰ পৰা যোৱা এখন যাত্ৰীবাহী বাছ। ফলত কৰুণ মৃত্যু ঘটে ১৪ জন লোকৰ ৷ দুৰ্ঘটনাটোত আহত হয় ১৬ জন লোক ৷

প্ৰাপ্ত খবৰ অনুসৰি ৪০ জন যাত্ৰী কঢ়িয়াই নিয়া উত্তৰ প্ৰদেশৰ ইউপি-এফ টি-৭৬২৪ নম্বৰৰ যাত্ৰীবাহী বাছখন পোখাৰাৰ পৰা কাঠমাণ্ডুলৈ গৈ থকাৰ পথত তানাহুন জিলাৰ আইনা পাহাৰাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটি ৷ দুৰ্ঘটনাৰ ফলত বাছ খনৰ এটা অংশ মাৰ্চিয়াংদি নদীত পৰেগৈ ৷

তানাহুন জিলাৰ ডিএছপি দীপকুমাৰ ৰায়াই জানিব দিয়া মতে, ঘটনা সংঘটিত হোৱাৰ পাছতে অতি তৎপৰতাৰে সশস্ত্ৰ আৰক্ষী বাহিনী আৰু নেপাল দুৰ্যোগ ব্যৱস্থাপনা প্ৰশিক্ষণ বিদ্যালয়ৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক (এছএছপি) মাধৱ পাউডেলৰ নেতৃত্বত ৪৫জনীয়া আৰক্ষী জোৱান ঘটনাস্থলীত উপস্থিত হৈ যুদ্ধকালীন গতিত উদ্ধাৰ অভিযানত নামি পৰে ৷

উল্লেখ্য যে, ভাৰতীয় যাত্ৰীসকল বাহৰ পাতি আছিল পোখাৰাৰ মাঝেৰী ৰিজৰ্টত ৷ শুকুৰবাৰে পুৱা পোখাৰাৰ পৰা কাঠমাণ্ডুলৈ ৰাওনা হৈছিল ৷

Exit mobile version