Hindus for Kamala Harris:আমেৰিকাত হিন্দুৱে কমলাৰ সমর্থনত গঠন কৰিলে হিন্দুজ ফ’ৰ কমলা হেৰিছ

kamla heris

Hindus for Kamala Harris:

আমেৰিকাত অহা পাঁচ নৱেম্বৰত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰপতি নির্বাচনত ডেম’ক্রেটিক দলৰ প্রার্থী কমলা হেৰিছক সমর্থনৰ বাবে দেশখনৰ একাংশ হিন্দু বাসিন্দাই ‘হিন্দু ফ’ৰ কমলা হেৰিছ’ নামৰ এক সংগঠন গঠন কৰিলে। এই সংগঠনে দাবী কৰি কয় যে কমলা আমেৰিকা আৰু ভাৰতৰ লগতে সমগ্র বিশ্বৰ বাবে এগৰাকী ভাল নেত্রী হিচাপে পৰিচিত হ’ব।

কমলা হেৰিছক আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি নির্বাচিত হোৱাত সহায় কৰিবলৈ এই সংগঠন আমেৰিকাবাসী হিন্দুৰ উদ্যোগত গঠন কৰা বুলি সংগঠনটোরে জানিবলৈ দিয়ে। উল্লেখ্য যে ৫৯ বছৰ বয়সীয়া কমলাই ৰাষ্ট্ৰপতি পদৰ বাবে ইতিমধ্যে আনুষ্ঠানিকভাৱে ডেম ক্রেটিক দলৰ প্রার্থিত্ব গ্রহণ কৰিছিল।

হিন্দু ফ’ৰ কমলা হেৰিছ সংগঠনৰ সদস্যই মার্কিন সংবাদ মাধ্যমৰ আগত এইদৰে ক’লে, ‘আমি কমলা হেৰিছক জয়ী কৰাৰ বাবে সহায় কৰা উচিত। কিয়নো তেওঁ আমেৰিকা, ভাৰত আৰু বিশ্বৰ বাবে সবাতোকৈ ভাল নেতা হিচাপে পৰিচিত হ’ব। ড’নাল্ড ট্রাম্প এক বিপদ।’ সংগঠনটোৰে লগতে আমেৰিকাবাসী সকলো হিন্দুক ৰাষ্ট্ৰপতিৰ আসন্ন নির্বাচনত কমলাৰ সপক্ষে ভোট দানৰ বাবে আহ্বান জনালে।

Exit mobile version