Sri krishna Janmashtami Celebration :আজি ভগৱান শ্ৰীকৃষ্ণৰ পৱিত্ৰ জন্মাষ্টমী , কৃষ্ণ বন্দনাৰে মুখৰিত ৰাজ্য

জন্মাষ্টমী উপলক্ষে মহানগৰৰ উলুবাৰী স্থিত ইস্কন মন্দিৰ,দৌল গোবিন্দ মন্দিৰ সহ ৰাজ্যৰ সত্ৰ- নামঘৰত পুৱাৰে পৰা অব্যাহত কৃষ্ণ বন্দনা

isckon 1

Sri krishna Janmashtami Celebration :

আজি ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ৷ জন্মাষ্টমী উপলক্ষে কৃষ্ণ বন্দনাৰে মুখৰিত ৰাজ্যৰ সত্ৰ- নামঘৰ সমূহত ৷ মহানগৰীৰ উলুবাৰী স্থিত ইস্কন মন্দিৰত পুৱাৰে পৰা অব্যাহত আছে কৃষ্ণ বন্দনা ৷ একেদৰে উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰত পুৱাৰে পৰা লানিনিচিঙা সোঁত বৈছে ভক্তৱান ৰাইজৰ ৷ দৌল গোবিন্দ মন্দিৰত জন্মাষ্টমী উদযাপনৰ ব্যাপক আয়োজন কৰা হৈছে । আজিৰে পৰা তিনিদিনীয়াকৈ উদযাপিত হব দৌল গোবিন্দ মন্দিৰৰ জন্মাষ্টমী মহোৎসৱ ৷

আনহাতে নগাঁও চহৰৰ পাশ্বৱৰ্তী ৰাইদঙ্গীয়াৰ শ্ৰী কৰচূং সত্ৰৰ কলীয়া গোঁসাই থানত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে জন্মাষ্টমী। একেদৰে যোৰহাটৰ মইনা পৰীয়া নামঘৰতো পুৱাৰে পৰা আৰম্ভ হৈছে নাম প্ৰসংগ ৷ ধেমাজীতো জন্মাষ্টমী উপলক্ষে কণ কণ শিশু কৃষ্ণৰ নৃত্যৰে মুখৰিত হ’ল ধেমাজিৰ কাছাৰী ময়দান। ধেমাজিৰ কাছাৰী ময়দানত কৃষ্ণ গোকুলমৰ উদ্যোগত ২০০০ শিশু কৃষ্ণৰ নৃত্যৰ দ্বাৰা ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন।

উল্লেখ্য যে পবিত্ৰ মাহতে কংসই মথুৰাত বন্দী কৰি ৰখা কাৰাগাৰতে দৈবকীৰ ঔৰসত ধৰালৈ আহিছিল ভগৱান শ্ৰীকৃষ্ণ ৷ ভগৱান শ্ৰীকৃষ্ণৰ জন্ম ভাদ মাহৰ অষ্টমী তিথিত হোৱা হেতুকে প্ৰতিবৰ্ষতে হিন্দু ধৰ্মালম্বী লোকসকলে ব্যাপক উছাহ উদ্দীপনাৰে শ্ৰীকৃষ্ণ জন্মাষ্টমী পালন কৰি আহিছে ৷

আনহাতে, সত্ৰনগৰী মাজুলীত উলহ-মালহেৰে জন্মাষ্টমী পালন। তিনি শতাধিক নামঘৰ আৰু ৩৬ খন সত্ৰত জন্মাষ্টমীৰ উৎসাহ পৰিলক্ষিত হয় ৷ দ্বিতীয় মথুৰালৈ পৰিণত মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰ, ভোগপুৰ সত্ৰ, আউনীআটী সত্ৰ, গড়মূৰ সত্ৰ, বেঙেনা আটী সত্ৰ, দক্ষিণপাট সত্ৰ সহ সকলো নামঘৰত ৷ মহিলা সকলে পুৱাৰে পৰিবেশন নাম প্ৰসংগ কৰাৰ বিপৰীতে চৌদিশে খোল ,তাল,ডবাৰ মাতত মুখৰিত মাজুলীৰ পৰিবেশ ৷

ইফালে শ্ৰীকৃষ্ণৰ ওপজা আৰু লীলাভূমি উত্তৰ প্ৰদেশৰ মন্দিৰ নগৰী ৰূপে খ্যাত মথৰাত জন্মাষ্টমীক লৈ উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে ৷ ইতিমধ্যে আয়োজন কৰা জন্মাষ্টমীৰ কেন্দ্ৰীয় অনুষ্ঠানত অংশ লয় উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে

Exit mobile version