What to do if your YouTube account is hacked:ইউটিউব একাউন্ট হেক্‌ হ’লে কি কৰিব?

you tube

What to do if your YouTube account is hacked:

স্মার্টফোন মানেই এতিয়া কেৱল হোৱাটছএপ আৰু ফে’চবুক নহয়। আজিকালি স্মার্টফোনত বহুতে দিনটোৰ অধিক সময় ইউটিউবত ব্যস্ত থাকে। তদুপৰি বহু লোকে বর্তমানে ইউটিউবৰ জৰিয়তে ধনো উপাৰ্জন কৰিছে। ইউটিউবত নানা ধৰণৰ ভিডিঅ’ আপলোডৰ জৰিয়তে ধন উপাৰ্জন কৰিব পাৰি।

অৱশ্যে এইদৰে ইউটিউবত একাউন্ট খুলি একাংশ লোক হেকাৰৰ কবলতো পৰে। নিজৰ ইউটিউব একাউন্ট কোনোবাই হেক কৰিলে স্বাভাৱিকতে সেই ব্যক্তিৰ মূৰতে আকাশ ভাঙি পৰে। যদি কেনেবাকৈ আপোনাৰ ইউটিউব একাউন্ট হেক হয়, তেন্তে কেনেকৈ উক্ত একাউন্ট উদ্ধাৰ কৰিব? ইউটিউব একাউন্ট হেক্ হ’লে তলত দিয়া পদ্ধতিৰে আপুনি উক্ত একাউন্ট ৰিক’ভাৰ কৰিব পাৰিব।

যদি আপুনি ভাবে যে ইউটিউব একাউন্টটো আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে তেনে ক্ষেত্রত আপুনি নতুন টুল প্রত্যক্ষভাবে ব্যৱহাৰ কৰিব পাৰিব ইউটিউব হেল্প চেণ্টাৰৰ মাধ্যমৰে। ইউটিউব হেল্প চেণ্টাৰত আপুনি একাউন্ট উদ্ধাৰ কৰাৰ বাবে এটাৰ পাছত আনটো নির্দেশনা লাভ কৰিব। এই নির্দেশনা পালন কৰিব লাগিব। প্রথমে গুগলত লগ ইন কৰিব লাগিব। এয়া হ’ল ইউটিউব একাউন্ট ওভতাই লাভ কৰাৰ প্ৰথম পর্যায়।

বর্তমানে ইউটিউব হেল্প চেণ্টাৰ টুল কেৱল ইংৰাজীত ব্যৱহাৰ কৰিব পাৰি। তদুপৰি নির্দিষ্ট কিছু সংখ্যক ইউটিউব ক্রিয়েটৰে এই সুবিধা লাভ কৰিব। অৱশ্যে যদি আপুনি উক্ত তালিকাত নাই, তেন্তে চিন্তিত হোৱাৰ কাৰণ নাই। কিয়নো ইউটিউবে শীঘ্রে এই সুবিধা সকলো কনটেন্ট ক্রিয়েটৰক প্ৰদান কৰিব। যিসকলে বর্তমানে ইউটিউবত এই ফিচাৰ বা টুল ব্যৱহাৰৰ সুবিধা লাভ কৰিছে তেওঁলোকে নিজৰ একাউন্ট হেক্ হ’লে এই ফিচাৰ ব্যৱহাৰ কৰি একাউণ্ট পুনৰ উদ্ধাৰ কৰিব পাৰিব।

আনহাতে, যিসকল ইউটিউব একাউণ্ট ধাৰকে এই টুল লাভ কৰা নাই, তেওঁলোকক ইউটিউবে পৰামৰ্শ দি কয় যে সেইসকল ক্রিয়েটৰে যাতে একাউণ্টৰ নিয়ন্ত্রণ হেৰুৱালে সামাজিক মাধ্যমৰ জৰিয়তে ইউটিউবৰ স’তে যোগাযোগ কৰে। এনে ব্যক্তিয়ে এক্স হেন্ডেলত নিজৰ একাউণ্টৰ ক্ষেত্ৰত সম্মুখীন হোৱা সমস্যাৰ বিষয়ে @Team You Tubeৰ মাধ্যমৰে ইউটিউবলৈ বার্তা প্ৰেৰণ কৰিব পাৰিব।

Exit mobile version