Second day of the Autumn Session of the Assam Legislative Assembly:অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ দ্বিতীয় দিন

শাসক বিৰোধীৰ বাকযুদ্ধ,দহ মিনিটৰ বাবে সদন স্থগিত

HOMANTA

Second day of the Autumn Session of the Assam Legislative Assembly:

আজি অসম বিধান সভাৰ মঙলবাৰে দ্বিতীয়টো দিন। বিধানসভা চৌহদত  ৰাজ্যখনত হোৱা ধাৰাবাহিক নাৰীজনিত অপৰাধ আৰু চৰকাৰৰ বিফলতাৰ বাবে হাতত বেনাৰ লৈ ব্যতিক্ৰমী ৰূপত প্ৰতিবাদ সাব্যস্ত বিধায়ক অখিল গগৈৰ

আনহাতে, বিধানসভা চৌহদৰ বাহিৰত কংগ্ৰেছেও উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।ৰাজ্যৰ আইন-শৃংখলা অৱনমিতক লৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত কংগ্ৰেছী বিধায়কসকলে হাতত প্লেকাৰ্ড লৈ বিধানসভাৰ পুৰণি গেটৰ পৰা নতুন ভৱনলৈ সমদল উলিয়াই ৷

আনহাতে ,সদনৰ কাৰ্যক্ষমনিকা হওঁতেই বিৰোধী বিধায়ক সকলে ৰাজ্যৰ আইন-শৃংখলা অৱনমিত হৈছে বুলি কৈ সদনৰ মজিয়া উত্তাল কৰে যদিও বিৰোধীক উভতি ধৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ধিং দলবদ্ধ ধৰ্ষণকাণ্ড আৰু ইতিমধ্যে হোৱা কেতবোৰ অপৰাধমূলক কাৰ্যকলাপত এটা বিশেষ গোষ্ঠী জড়িত হৈ আছে ৷ কিন্ত কংগ্ৰেছ ইয়াৰ বিৰুদ্ধে ইতিবাচক মন্তব্য দিয়াৰ বিপৰীতে এই বিশেষ সম্প্ৰদায়টোক ভোটৰ স্বাৰ্থত ৰক্ষণাবেক্ষণ দি আহিছে ৷ এনে ক্ষেত্ৰত অপৰাধীৰ বিৰুদ্ধে চৰকাৰ সদায় কঠোৰ ৷ অপৰাধীক কোনো ক্ষেত্ৰত ৰেহাই দিয়াৰ নহ’ব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

আনহাতে সদনত মুখ্যমন্ত্ৰীয়ে ২০২৫ত গুৱাহাটীত দ্বিতীয়খন মেডিকেল কলেজ স্থাপনৰ বিষয়ে সদৰি কৰে। নতুন কলেজখনৰ নাম হ’ব প্ৰাগজ্যোতিষ মেডিকেল কলেজ।

একেদৰে বঙাইগাঁও, চৰাইদেউতো স্থাপন হ’ব নতুন দুখন মেডিকেল কলেজ। ইয়াৰ সমান্তৰালভাৱে হাইলাকান্দি, গোৱালপাৰা, মাজুলীতো শীৰ্ঘেই হৈ উঠিব মেডিকেল কলেজ। ইয়াৰ পৰবৰ্তী সময়ত পর্যায়ক্রমে হোজাই, ডিমা হাছাওতো স্থাপন হ’ব মেডিকেল কলেজ।

 

ল্লেখযোগ্য যে ২২ আগষ্টৰ পৰা আৰম্ভ হোৱা বিধানসভাৰ শৰৎকালীন অধিৱেশন সামৰণি পৰিব ৩০ আগষ্টত । মনকৰিবলগীয়া যে,২৩ আগষ্টৰ পৰা ২৬ আগষ্টলৈ চৰকাৰী বন্ধ থকা বাবে এইকেইদিন সদনৰ কামকাজ বন্ধ আছিল।

Exit mobile version