Ustm To Award Honorary D.Litt.Degrees To Zubeen Garg:হাৰ্টথ্ৰৱ জুবিন গাৰ্গক ইউএছটিএম-এ প্ৰদান কৰিলে ডি লিট সন্মান

ai

Ustm To Award Honorary D.Litt.Degrees To Zubeen Garg:

ইউএছটিএম-এ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক প্ৰদান কৰিলে ডি লিট সন্মান ৷ গুৱাহাটীৰ মহানগৰীৰ পাশ্বৱৰ্তী নমাইলৰ ৰি-ভইস্থিত ইউএছটিএমত মঙলবাৰে অনুষ্ঠিত হোৱা ১০ সংখ্যক দীক্ষান্ত সমাৰোহত হাৰ্টথ্ৰৱ জুবিন গাৰ্গত ডি লিট সন্মান প্ৰদান কৰে ৷ এই দীক্ষান্ত অনুষ্ঠানতে মেঘালয়ৰ প্ৰথিতযশা সংগীতশিল্পী লু মাঝাওকো প্ৰদান কৰা হয় ডি লিট সন্মান ।

জুবিন গাৰ্গ আৰু মাঝাওক আনুষ্ঠানিকভাৱে ডি লিট সন্মানৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে ইউএছটিএমৰ আচাৰ্য মেহবুবুল হক,উপাচাৰ্য ড:বলেন্দ্ৰ কুমাৰ দাস সহ আন কে’বা গৰাকী বিশিষ্ট ব্যক্তিয়ে।

বিশ্ববিদ্যালয় খনে আগবঢ়োৱা ডি লিট সন্মানেৰে বিভূষিত কৰাৰ পাছত ভাষণ প্ৰসংগত জুবিন গাৰ্গে ইউএছটিএমক এই সন্মান দিয়াৰ বাটে ধন্যবাদ জনাই কয়,মই বি বৰুৱা কলেজৰ ড্ৰপ আউট ৷ উল্লেখ্য যে ইউএছটিএম এই দীক্ষান্ত সমাৰোহত মুঠ ১৬৩৯ জন ছাত্ৰ ছাত্ৰীক ডিগ্ৰী প্ৰদান কৰা হয় ৷

Exit mobile version