What did Musk say about the arrest of Telegram CEO?টেলিগ্রামৰ চিইঅ’ক গ্ৰেপ্তাৰৰ সন্দৰ্ভত মাস্কে ক’লে কি ?

জুকাৰবাৰ্গক গ্ৰেপ্তাৰ কৰক, ইনস্টাগ্রামত শিশুক শোষণ কৰা হৈছে'

mask

What did Musk say about the arrest of Telegram CEO?

টেছলাৰ মুৰব্বী এলন মাস্কে মেটাৰ মুখ্য কার্যবাহী বিষয়া (চিইঅ’) মার্ক জুকাৰবাৰ্গক গ্ৰেপ্তাৰৰ দাবী জনালে। মেটাৰ মালিকনাধীন ইনস্টাগ্রামত শিশুক শোষণ কৰা হৈছে বুলি অভিযোগ কৰি মাস্কে কয় যে জুকাৰবাৰ্গক শীঘ্রে গ্রেপ্তাৰ কৰা উচিত।

সামাজিক মাধ্যম এক্স’ৰ জৰিয়তে মাস্কে কয় যে যদি চৰকাৰে টেলিগ্রামৰ চিইঅ’ পাভেল ডুৰ’ভক গ্ৰেপ্তাৰ কৰাটো উচিত বুলি ভাবিছে তেন্তে জুকাৰবাৰ্গ কেনেকৈ মুক্ত হৈ আছে? ইনষ্টগ্রামত শিশুক শোষণ কৰাটো এক গুৰুতৰ সমস্যা বুলি অভিহিত কৰি মাস্কে কষ যে ইনষ্টগ্রামৰ দৰে সামাজিক মাধ্যমে শিশুৰ যথেষ্ট ক্ষতি কৰিছে।

উল্লেখ যে জুকাৰবার্গে শিশু শোষণৰ অভিযোগৰ সন্দৰ্ভত যোৱা ফেব্ৰুৱাৰীত আমেৰিকাৰ সংসদত পীড়িত পৰিয়ালৰ পৰা ক্ষমা বিচাৰিছে। ইনষ্টগ্রামৰ বিৰুদ্ধে উত্থাপিত এক অভিযোগ অনুসৰি এই সামাজিক মাধ্যমে শিশুৰ আত্মহনন আৰু যৌন শোষণক উচটনি যোগাই আহিছে।

মাস্কে কয় যে যদি সামাজিক মাধ্যমৰ অপব্যৱহাৰৰ অভিযোগত চৰকাৰে টেলিগ্রামৰ চিইঅ’ক গ্ৰেপ্তাৰ কৰিব পাৰে, তেন্তে একে কাৰণতে মেটাৰ চিই’অকো গ্ৰেপ্তাৰ কৰা উচিত।

Exit mobile version