Guwahati Protest:অসম বিধানসভাৰ সন্মুখত শিল সাকোঁৰ উচ্ছেদিতৰ উত্তাল প্ৰতিবাদ

আৰক্ষীয়ে চোচৰাই নিয়ে প্ৰতিবাদীক, প্ৰতিবাদকাৰী মহিলাক প্ৰচণ্ড চৰ আৰক্ষীৰ 

SILSAMU MAIN

Guwahati Protest:

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ মাজতে বুধবাৰে দুপৰীয়া বিধানসভাৰ সন্মুখত শিলসাঁকো উচ্ছেদিত পৰিয়ালে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ দিছপুৰ চাহ নিলাম কেন্দ্ৰৰ কাষত থকা অসম বিধানসভাৰ নতুন ভৱনৰ সন্মুখত শিলসাঁকো উচ্ছেদিত পৰিয়ালৰ বহু সংখ্যক প্ৰতিবাদকাৰী হঠাতে বিধানসভাৰ মূল গেটৰ সন্মুখত উপস্থিত হৈ চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দিয়াত কতব্যৰত আৰক্ষীৰ থৰকাচুটি হেৰাই ৷

প্ৰতিবাদীকাৰীক বৰ্বৰ আক্রমণ কৰে আৰক্ষীয়ে ৷ কে’বা গৰাকী প্ৰতিবাদকাৰীক চোচৰাই নিয়ে আৰক্ষীয়ে ৷ আনকি প্ৰতিবাদকাৰী নেত্ৰী গায়ত্ৰী বৰীক প্ৰচণ্ড চৰ সোধাই এগৰাকী মহিলা আৰক্ষীয়ে।

আনহাতে আৰক্ষীৰ এই বৰ্বৰ অত্যাচাৰক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ গৰিহণা দি কয়,গণতান্ত্ৰিক সংগ্ৰাম কৰা শিলসাঁকো উচ্ছেদিত পৰিয়ালৰ প্ৰতি চৰকাৰে ইতিবাচক সহাৰি দিয়াৰ বিপৰীতে যুদ্ধদেহিং ৰূপ লোৱা আৰক্ষীৰ বিৰুদ্ধে চৰকাৰক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷

Exit mobile version