Horoscope:ৰাশিফল

horoscope new 12

Horoscope:ৰাশিফল

মেষ: নিজকে যোগ্য ব্যক্তিৰূপে পৰিগণিত হ’ব। পুৰণি ৰোগৰ পৰা মুক্ত হ’ব। শিল্পকলা, ভাস্কর্য আদিত দক্ষতা বৃদ্ধি। শুভ ৰং কমলা। শুভ সংখ্যা ৩।

বৃষ: নিজ বুদ্ধি মতে কাম কৰি সফল হ’ব। কোনো কাৰণত ভীতিগ্রস্ত নহ’ব। বিলাসিতা কম কৰক। শত্রু কমিব। কৰ্মত শুভ। শুভ ৰং নীলা। শুভ সংখ্যা ৫।

মিথুন: মন্দিৰ দৰ্শনত শুভ ফল পাব। ব্যক্তিত্ব প্রকাশ পাব। পুৰণি কেচ মোকদমাই মনত কষ্ট দিব। শুভ ৰং কমলা। শুভ সংখ্যা ৭।

কর্কট: কর্মক্ষেত্রত উৎসাহ বৃদ্ধি পাব। জ্ঞানী লোকৰ দৰ্শনে অধিক আনন্দিত কৰিব। উদ্যোগ, ব্যৱসায়ৰ লগত জড়িত ব্যক্তিৰ শুভ। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৪।

সিংহ: কর্মত বলিষ্ঠ চিন্তা বৃদ্ধি। শান্তি, উদাৰ মনোবলে অধিক উৎসাহিত কৰিব। নতুন কর্ম সংস্থাপনৰ যোগ। গেৰুৱা শুভ ৰং। শুভ সংখ্যা ২।

কন্যা: গুৰুৰ প্ৰভাৱত, দার্শনিক, পুৰোহিত, গৱেষকৰ উন্নতিৰ যোগ। মনত দুঃচিন্তা নামিব অযথা ক্ষতি হ’ব পাৰে। ব্যয় বৃদ্ধি। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ১।

তুলা: যিকোনো কামতেই পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। সোণৰ বস্তু ব্যৱহাৰ কৰিলে অধিক সুফল পাব। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৬।

বৃশ্চিক: কর্মস্থানত মাধ্যম। দূৰদৰ্শী চিন্তাত ব্রতী হ’ব। কাকো সমালোচনা নকৰিব। আর্থিক দিশত অযথা ব্যয় নকৰিব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা স ৮।

ধনুঃ অর্থ লাভৰ যোগ। নিজ শক্তিৰ বলত আনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা সুযোগ পাব। ভ্রমণত শুভ। বন্ধুৰ প্ৰভাবে অধিক আনন্দিত কৰিব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৯।

মকৰ : আদর্শবাদী, স্নেহপৰায়ণ হ’ব পাৰিব। ব্যৱসায়ত প্ৰচুৰ লাভদায়ক হ’ব পাৰিব। যান-বাহনৰ অধিপতি হ’ব পাৰিব। শুভ ৰং সোণালী। শুভ সংখ্যা ৮।

কুম্ভ: সামাজিক স্থিতি উন্নত হ’ব। পুৰণি বিষে কষ্ট দিব পাৰে। হনুমান চালিচা পাঠ কৰক সংকট মুক্ত হ’ব। শুভ ৰং আকাশী। সংখ্যা ২।

মীন: হতাশা আঁতৰিব। যশস্বী গুণৰ অধিকাৰী হ’ব পাৰিব। কৰ্মত ব্যস্ততা বাঢ়িব। সময় অপচয় নকৰিব। বন্ধুবৰ্গৰ পৰা আঁতৰত থাকক। শুভ ৰং সোণালী। শুভ সংখ্যা ৩।

Exit mobile version