Jamuguri :২০ আগষ্টক সোঁৱৰি উৎফুল্লিত জামুগুৰিবাসী 

অসম বিধান সভাত লোৱা সিদ্ধান্তক জামুগুৰিবাসীৰ আদৰণি , মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা-বিধায়ক পদ্ম হাজৰিকাক ভূয়সী প্ৰশংসা 

JAMUGURI IMAGE

Jamuguri :

১৯৪২ চনৰ ২০ আগষ্টত দেশৰ ভিতৰতে প্ৰথম বাৰৰ বাবে চতিয়া থানাত বৃটিছৰ ইউনিয়ন জেক নমাই ভাৰতীয় পতাকা উত্তোলন কৰা ঐতিহাসিক ঘটনাই আজি অসম বিধান সভাৰ মজিয়াত স্থান লাভ কৰে ৷ চতিয়া থানাত সেই সময়ৰ মৃত্যু বাহিনীৰ সদস্য সকলে দেশৰ ভিতৰতে প্ৰথমখন ভাৰতীয় পতাকা উত্তোলন কৰাৰ পাচত আজি সেই ঐতিহাসিক দিন সোঁৱৰণ কৰি অসমৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২০ আগষ্টৰ দিনটো বিজয় উৎসৱ হিচাপে ৰাজ্যজুৰি উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

মূখ্যমন্ত্ৰী গৰাকীয়ে এই স্মৃতি ইতিহাসৰ পাতত খোদিত কৰি ৰখাৰো সিদ্ধান্ত গ্ৰহণ কৰে ৷ অসম বিধান সভাৰ মজিয়াত আজি মূখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰাৰ লগে লগে উৎফুল্লিত হৈ পৰে চতিয়া আৰু জামুগুৰিহাটবাসী ৰাইজ ৷ আজি সন্ধ্যা জামুগুৰিহাটৰ পৰিদৰ্শন ভৱনত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ সদস্য সকল একত্ৰিত হৈ এই ঐতিহাসিক সিদ্ধান্তৰ বাবে অসমৰ মূখ্যমন্ত্ৰী আৰু চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক ভূয়সী প্ৰশংসা কৰে ৷

Exit mobile version