Kite Boarding Championship:সৰ্বভাৰতীয় কাইট বৰ্ডিং চেম্পিয়নশ্বীপত নিশামনিৰ স্বৰ্ণ জয়

boathing image

Kite Boarding Championship:

পুনৰ সোণৰ পদকেৰে জিলিকিল সৰুপথাৰৰ নিশামনি। সাগৰৰ বুকুত অসমীয়া জীয়ৰীৰ দপদপনি। কঠোৰতকৈও কঠোৰ প্ৰত্যাহ্বান নেওচি সৰুপথাৰৰ নগাজুৰী দ’-চুক গাঁৱৰ নিশামনি বৰাই সৰ্বভাৰতীয় তামিলনাডু কাইট বৰ্ডিং চেম্পিয়নশ্বীপ ২০২৪ত অংশ গ্ৰহণ কৰি সোণৰ পদকেৰে পুনৰ ধনশিৰি মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

য়াছটিং এচচিয়েচন অৱ ইণ্ডিয়াৰ উদ্যোগত তামিলনাডুৰ টুটিকৰিণত বিগত ২৫আগষ্টৰ পৰা ২৮আগষ্টললৈকে অনুষ্ঠিত হোৱা কাইট ছাৰ্ফিংত নিশামনিয়ে অসমৰ পৰা প্ৰথমগৰাকী ছেইলৰ হিচাবে প্ৰতিনিধিত্ব কৰিছিল আৰু প্ৰথমবাৰতেই সোণৰ পদক লাভ কৰাত নিশামনিয়ে অত্যন্ত গৌৰৱ অনুভৱ কৰিছে।

এই যাত্ৰাত সহায়=সহযোগিতা আগবঢ়োৱা প্ৰতিগৰাকী শুভাকাংক্ষীক নিশামনীয়ে প্ৰতিযোগিতাৰ থলীৰ পৰাই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে। নিশামনিৰ স্বৰ্ণ জয়ৰ পিছতেই উল্লাসিত হৈ পৰিছে নগাজুৰী গাঁওৰ লগতে সমগ্ৰ ধনশিৰি মহকুমাবাসী।

Exit mobile version