United Opposition Forum meets Governor: ৰাজ্যপালক সাক্ষাৎ বিৰোধী ঐক্য মঞ্চৰ

মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা সাম্প্ৰদায়িক ৰাজনীতি কৰি ভাতৃঘাতী সংঘৰ্ষ লগোৱাৰ আশংকা মঞ্চৰ, মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণৰ দাবী বিৰোধী ঐক্য মঞ্চৰ

lurin 2

United Opposition Forum meets Governor:

মুখ্যমন্ত্ৰীৰ বিতর্কিত ভাষ্যক লৈ সৰৱ বিৰোধী ঐক্য মঞ্চ। মুখ্যমন্ত্ৰীৰ বক্তব্যই ৰাজ্যত সাম্প্রদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব বুলি শংকিত ঐক্য মঞ্চ ৷ এনে প্ৰেক্ষাপটত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শর্মাক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণৰ দাবীৰে বৃহস্পতিবাৰে ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ বিৰোধী ঐক্য মঞ্চৰ নেতৃবৰ্গৰ ৷

অৱশ্যে ৰাজ্যপাল গৰাকী অনুপস্থিত থকাত ৰাজ্য পালৰ প্ৰধান সচিব মিনাক্ষী সুন্দৰমক ৰাজ্যপালৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিবলগীয়া স্মাৰকপত্ৰ খন দিয়ে ৷ ৰাজভৱনলৈ যোৱা বিৰোধী ঐক্য মঞ্চৰ নেতাসকল হ’ল লুৰিন জ্যোতি গগৈ, প্ৰদ্যুত বৰদলৈ ,চৰন ডেকা সহ আন কে’বাজনো নেতা ।

উল্লেখ্য যে বুধবাৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ তৰিছিল বিৰোধী ঐক্যমঞ্চৰ ৷ সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ অভিযোগত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তৰি গোচৰ । এজাহাৰ দিবলৈ সদলবলে দিছপুৰ থানালৈ গৈছিল বিৰোধী ঐক্যমঞ্চৰ নেতৃবৰ্গ ক্ৰমে ভূপেন বৰা ,ৰকিবুল হুছেইন,অজিত কুমাৰ ভূঞা , লুৰিন জ্যোতি গগৈ সহ কে’বাজনো কংগ্ৰেছী বিধায়ক ৷

Exit mobile version